'বিচিচিআই'য়ে এম এছ ধোনীক আঁতৰালে চেণ্ট্ৰেল কনট্ৰেক্ট লিষ্টৰ পৰা:অসন্তুষ্ট অনুৰাগী

Pic

ভাৰতক বিশ্বকাপ জিকোৱা অধিনায়ক মহেন্দ্ৰ সিং ধোনীক 'বিচিচিআই'য়ে খেলুৱৈৰ চেণ্ট্ৰেল কনট্ৰেক্ট লিষ্টৰ পৰা আঁতৰাই দিছে।বিগত বৰ্ষৰ জুলাই মাহত বিশ্বকাপ ক্ৰিকেটত নিউজীলেণ্ডৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছত ধোনীয়ে কোনো আন্ত:ৰাষ্ট্ৰীয় খেল নেখেলা আৰু তেওঁৰ ভৱিষ্যৎ ক্ৰিকেট জীৱনৰ আঁচনি সম্পৰ্কে বিচিচিআইৰ হাতত কোনো তথ্য নথকাৰ বাবে তাৰকা খেলুৱৈজনক উল্লিখিত তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে।ইফালে,ধোনীক উক্ত তালিকাৰ পৰা আঁতৰাই পঠোৱাৰ বাবে তেওঁৰ অনুৰাগীসকলে সামাজিক মাধ্যম টুইটাৰ, ফেচবুকত যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে।আনহাতে,সম্প্ৰতি ধোনীয়ে ঝাৰখণ্ড ৰঞ্জী ক্ৰিকেট দলৰ সৈতে অনুশীলন কৰি আছে।আইপিএলৰ 'চেন্নাই চুপাৰ কিংছ'ৰ বাবে খেলিবৰ বাবে ধোনীয়ে নিজকে প্ৰস্তুত কৰিছে বুলি চৰ্চা হৈছে।

Your Comments