স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে বিবেকানন্দ কেন্দ্ৰৰ পাণবজাৰ শাখাত আলোচনা-সভা 

Pic

ভাৰতবর্ষৰ যুগনায়ক স্বামী বিবেকানন্দৰ ১৫৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেওবাৰে(১২ জানুৱাৰী)বিবেকানন্দ কেন্দ্ৰৰ গুৱাহাটী পাণবজাৰ শাখাত এখন সভাৰ আয়োজন কৰা হয়।স্বামী বিবেকানন্দৰ আদর্শ সম্পৰ্কে আলোচনা কৰা হোৱা উক্ত সভাখন পৰিচালনা কৰে জ্যোতি ৰাম গগৈয়ে।সভাৰ আৰম্ভণি এটি দেশপ্ৰেমমূলক গীতেৰে কৰা হয়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰশ্মি মল্লিকে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডঃ ইন্দিৰা বৰঠাকুৰ।

Pic

ডঃ বৰঠাকুৰে স্বামী বিবেকানন্দৰ আদর্শনীয় কৰ্মৰাজি,স্বামীজীৰ দেশপ্ৰেম সম্পৰ্কে তেওঁৰ বক্তব্যত ব্যাখ্যা আগবঢ়ায়।তেওঁ কয় যে স্বামীজীৰ দেশৰ যুৱ-প্ৰজন্মৰ ওপৰত আছিল গভীৰ আস্থা।বৰ্তমানৰ দেশৰ যুৱ-প্ৰজন্মই স্বামী বিবেকানন্দৰ আদর্শ অনুসৰণ কৰি দেশমাতৃৰ সেৱা কৰা উচিত বুলি তেওঁ উল্লেখ কৰে।বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থকা সভাখনৰ সামৰণি সমবেতভাৱে বন্দে মাতৰম গীত গাই কৰা হয়।

Your Comments