নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যত ধাৰাবাহিক আন্দোলন চলি থকাৰ সময়তে সোমবাৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন।এদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশন।অনুসূচিত জাতি-জনজাতিৰ বাবে বিধানসভাৰ আসন সংৰক্ষণৰ বিষয়ত আলোচনাৰ বাবে মূলত: এই বিশেষ অধিৱেশন।
পুৱা ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হ'ব বিশেষ অধিৱেশন।উল্লেখ্য যে বিশেষ অধিৱেশনখনত বিৰোধীয়ে 'কা'ৰ প্ৰসঙ্গত ৰাজ্যৰ অস্থিৰ অৱস্থাক লৈ চৰকাৰী পক্ষৰ পৰা উত্তৰ বিচৰাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 22 views