বৰপেটা কাৰাগাৰত কাৰাৰূদ্ধ হৈ থকা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা শনিবাৰে পুৱাই ওলাল মুকলি আকাশৰ তললৈ।গুৱাহাটী উচ্চ ন্যায়ালয়ে সংগ্রামী নেতাগৰাকীৰ মঞ্জুৰ কৰাৰ পিছতে ২১ দিনৰ কাৰাৰূদ্ধ দিন কটাই ওলাই আহিল মুকলি আকাশৰ তললৈ।
মুকলি আকাশৰ তললৈ ওলোৱাৰ পিছতে সংগ্রামী নেতা শৃংখলে অসমবাসীৰ ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনায়।লগতে কাৰাৰূদ্ধ নেতাগৰাকীৰ হৈ যিসকল অধিবক্তাই বিনা বেতনেৰে ন্যায়ালয়ত ন্যায়িক যুঁজ দিলে,সেইসকলকো ধন্যবাদ জনাই শৃংখলে।
"সংগ্রাম আগবঢ়াই নিব লাগিব।'কা' বাতিল নোহোৱা পৰ্যন্ত সংগ্রাম অব্যাহত থাকিব,স্পষ্ট কথা"-চলিহাই কয়।
অসমবাসীৰ প্ৰৱল প্ৰতিবাদৰ পিছতো চৰকাৰে 'কা' কাৰ্যকৰী কৰাটো দুখৰ কথা বুলি উল্লেখ কৰি শৃংখলে কয়-"অসমীয়া জাতি যুঁজাৰু জাতি।অসমীয়া জাতিয়ে ''কা' বাতিল নকৰা পৰ্যন্ত শান্ত নহয়, সংগ্রাম অব্যাহত থাকিব।"
লগতে চৰকাৰলৈ আহ্বান জনাই তেওঁ কয়-"জাতি-মাটি-ভেটিৰ কথা কৈছিল। গতিকে,সঁচা অৰ্থত 'কা' বাতিল কৰি দেখুৱাওক।অসমৰ ৰাইজে পুনৰ আঁকোৱালি ল'ব"।
উল্লেখ্য যে ৰাষ্ট্ৰদ্রোহৰ পৰা আদি কৰি বহুকেইটা ধাৰাত চিবিআইয়ে যোৱা ২৩ ডিচেম্বৰত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছিল।
- Log in to post comments
- 25 views