'ৰাজ্যজুৰি অহিংস-শৃংখলাবদ্ধ  আন্দোলন অব্যাহত থাকিব'-ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Pic

নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত শনিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে 'ৰুদ্ৰশিখা' শীর্ষক এটা প্ৰতিবাদী জোঁৰ সমদল।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মহানগৰীৰ শ্বহীদ ভৱনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত গ্ৰহণ কৰে এই জোঁৰ সমদল কাৰ্যসূচী।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি 'আছু'ৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সমৰ্থনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ওপৰত  অন্যায়,বিশ্বাসঘাটকতা আৰু প্ৰতাৰণাৰ ৰাজত্ব চলাইছে"।

Pic

"জাতিধ্বংসী 'কা'কাৰ্যকৰী কৰিবলৈ আমাৰ ওপৰত জাননী জাপি দিছে।আমি নামানো।যিয়ে জাননী নিদিয়ক কিয়, আমি নামানো।ৰাজ্যজুৰি অহিংস-শৃংখলাবদ্ধ আন্দোলন অব্যাহত থাকিব"-ভট্টাচাৰ্যই কয়।

ইফালে,বিজেপিয়ে আছুৰ উপদেষ্টাগৰাকীয়ে বিজেপিত যোগদান কৰিব লাগে বুলি জনোৱা আহ্বানক প্ৰত্যুত্তৰ দি ভট্টাচাৰ্যই কয়-"এইবোৰ অবান্তৰ কথা।মতিভ্ৰম হৈছে তেওঁলোকৰ।জাতিৰক্ষাৰ বাবে 'কা' বাতিল কৰি দেখুৱাওক।প্ৰত্যাহ্বান জনাইছোঁ।"

'কা' কাৰ্যকৰী কৰাৰ আগদিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উৰাজাহাজেৰে দিল্লীলৈ গৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কথা পাতি সন্মতি লৈ আহিছে।সেও মানি আজ্ঞা লৈ আহিছে।তেওঁলোক আজ্ঞাবাহী হ'বলৈ পাৰে,কিন্তু অসমৰ ৰাইজে জাতিধ্বংসী 'কা' মানি নলয় বুলি  ভট্টাচাৰ্যই সকীয়নি প্ৰদান কৰে।

কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰমুখ্যে বহুসংখ্যক প্ৰতিবাদী নাগৰিক।

উল্লেখ্য যে অসমৰ জনতাৰ প্ৰবল প্ৰতিবাদৰ পিছতো শুকুৰবাৰে কেন্দ্ৰই দেশজুৰি কাৰ্যকৰী কৰে 'কা'।তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হ'ব বুলি উল্লেখ কৰিছে অসমৰ জাতীয় সংগঠনসমূহে।

Your Comments