৬ নং দফা কমিটীৰে গৃহমন্ত্ৰীৰ দেওবাৰৰ বৈঠকত উপস্থিত নাথাকে 'আছু'

Pic

অসমবাসীৰ তীব্ৰ প্ৰতিবাদৰ পিছতো শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি কাৰ্যকৰী কৰিলে জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন'।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজপত্ৰিত জাননী জাৰি কৰি ঘোষণা কৰিলে এই কথা। ইফালে,'কা' কাৰ্যকৰী কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম চুক্তিৰ ৬নং দফা কমিটীৰ সৈতে দেওবাৰে মিলিত হ'ব বৈঠকত।দিল্লীত অনুষ্ঠিত হোৱা বৈঠকলৈ ইতিমধ্যে ৬নং দফা কমিটীৰ সদস্যসকলক নিমন্ত্ৰণ জনাইছে।কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে গৃহমন্ত্ৰীৰ বৈঠকত উপস্থিত নাথাকে সদৌ অসম সন্থা।'আছু'ৰ স্পষ্ট কথা-"৬ নং দফা আৰু 'কা' একাকাৰ কৰিবলৈ বিচৰা হৈছে।'কা'ৰ লগত ৬নং দফাৰ কেতিয়াও দৰ-দাম হ'বলৈ নোৱাৰে।" উল্লেখযোগ্য যে অহা ১৫ জানুৱাৰীত কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ ইতিমধ্যে চৰকাৰে নির্দেশ দিছিল।

Your Comments