যশস্বী সংস্কৃত পণ্ডিত উমাকান্ত শৰ্মালৈ অসম সাহিত্য সভাৰ ২০১৯ বৰ্ষৰ 'কথা সাহিত্য বঁটা'

Pic

যশস্বী সংস্কৃত পণ্ডিত,অসমীয়া ভাষা-সাহিত্যৰ বিশিষ্ট সাধক উমাকান্ত শৰ্মালৈ অসম সাহিত্য সভাই আগবঢ়াইছে ২০১৯ বর্ষৰ 'কথা সাহিত্য বঁটা'।উল্লেখ্য যে অসমীয়া গদ্য সাহিত্যৰ অন্যতম বাটকটীয়া বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ সোঁৱৰণত অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে এই বঁটা।পণ্ডিত উমাকান্ত শৰ্মাক অসম সাহিত্য সভাৰ আগন্তুক শুৱালকুছি অধিৱেশনত প্ৰদান কৰা হ'ব এই বঁটা।অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এই কথা জনাইছে।

Your Comments