'নিয়া'ৰ আবেদন খাৰিজ আদালতৰ:পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ অখিল গগৈ

Pic

কৃষক নেতা অখিল গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ 'নিয়া'ৰ আদালতৰ।গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ থাকিব লাগিব গগৈ।উল্লেখ্য যে মাওবাদীৰে সম্পৰ্ক থকা অভিযোগত নিয়াই ইতিমধ্যে ১০ দিনৰ নিজৰ জিম্মাত লোৱাৰ পিছত যোৱা ২৬ ডিচেম্বৰত গগৈক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।সেই ম্যাদ শেষ হোৱাত শুকুৰবাৰে হাজিৰ কৰোৱা হৈছিল 'নিয়া'ৰ আদালতত। ইফালে 'নিয়া'ই পুনৰ নিজৰ জিম্মাত বিচাৰি আবেদন কৰিছিল।কিন্তু আদালতে সেই আবেদন খাৰিজ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে,কাৰাগাৰত থকাৰ সময়ত গগৈক পৃথকে-পৃথকে পৰিয়ালৰ লোক আৰু অধিবক্তাই সাক্ষাৎ কৰিব পাৰিব বুলি নির্দেশ প্ৰদান কৰিছে। আনহাতে,শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত অখিল গগৈক হাজিৰ কৰোৱা হৈছিল চানমাৰিস্থিত 'নিয়া'ৰ আদালতত।আদালতত কৃষক নেতাগৰাকীক হাজিৰ কৰোৱাৰ সময়ত আদালতৰ বাহিৰত তেওঁৰ সমৰ্থকসকলে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।মৰমৰ নেতাগৰাকীক গামোচা পিন্ধাই 'জয় আই অসম' ধ্বনি প্ৰদান কৰে।

Your Comments