'জয় আই অসম' ধ্বনি দি অখিল গগৈয়ে ক'লে-'ৰাইজে ঐক্যবদ্ধ সংগ্রাম কৰি নিৰ্দিষ্ট লক্ষ্য পূৰণ কৰক'

Pic

'অসমবাসী ৰাইজক ধন্যবাদ। সংগ্রাম ঐক্যবদ্ধ হ'ব লাগিব। ৰাইজে ঐক্যবদ্ধ সংগ্রাম গঢ়ি তোলক।সংগ্রামে নিৰ্দিষ্ট লক্ষ্য পূৰণ কৰিবলৈ আগবাঢ়ি যাব লাগিব।'কা' যিকোনো প্ৰকাৰে বাতিল হ'ব লাগিব'-এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।শুকুুুৰবাৰে 'নিয়া'ৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত গগৈয়ে 'জয়  আই অসম' বুলি চিঞৰে।

ইফালে,প্রিয় নেতাগৰাকীক আদালতত হাজিৰ কৰোৱাৰ সময়ত সমৰ্থকসকলে  জয় আই অসম লিখা গামোচা লগত লৈ আদালতৰ সন্মুখ প্ৰতিবাদত উত্তাল কৰি তোলে।

উল্লেখ্য যে ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত শুকুৰবাৰে গুৱাহাটী 'নিয়া'ৰ আদালতত হাজিৰ কৰোৱা হয় কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ মাজত চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠ হৈ থিয় দিয়া কৃষক নেতাগৰাকীক যোৱা ১২ ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।তাৰ পিছত কাৰাৰুদ্ধ অৱস্থাত মাওবাদীৰে সম্পৰ্ক  থকাৰ  অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সন্থা চমুকৈ নিয়াই ইউএপিএ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল যোৱা ১৬
ডিচেম্বৰত। আদালতে ১০দিনৰ বাবে কৃষক নেতা গৰাকীক নিয়াৰ জিম্মাত প্ৰদান কৰিছিল।জিম্মাত গগৈৰ পৰা মাওবাদীৰে সম্পৰ্ক থকাৰ কোনো তথ্য প্ৰমাণ আদালতত নিয়াই দিব নোৱাৰাত যোৱা ২৬ডিচেম্বৰত ১৪দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল কৃষক নেতা গগৈক।আদালতৰ উক্ত ম্যাদ অন্ত পৰাত        কটকটীয়া নিৰাপত্তাৰ মাজত পুনৰ            আদালতত  হাজিৰ কৰোৱা হয়।

Your Comments