'অসম চুক্তি আখৰে-আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা সোণোৱাল চৰকাৰে ক্ষমতা পাই উলংঘা কৰিছে অসম চুক্তি'-এই দাবী সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ।শুকুৰবাৰে ৰূপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনত বিজেপি চৰকাৰৰ জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাত সংবাদ মেল সম্বোধন কৰি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ তথা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে 'কা' আইনৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া জাতিৰ ভাষা-সাহিত্য, সংস্কৃতি অস্তিত্ব নিঃশেষ কৰিব বিচাৰিছে। 'সৰ্বানন্দ সোণোৱালে আইএমডিটি আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈ আবেদন স্বাক্ষৰ কৰি উল্লেখ কৰিছিল যে ১৯৭১চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমানকে ধৰি কোনো বিদেশীক গ্ৰহণ কৰা নহ'ব বুলি।সেই একেজন মানুহে মুখ্যমন্ত্ৰী হৈ এতিয়া ২০১৪ চনলৈ বিদেশীৰ বোজা গ্ৰহণ কৰিম বুলি কৈছে।সোণোৱালৰ এই জাতি বিৰোধী স্থিতিয়ে প্ৰতিগৰাকী শ্বহীদক অপমান কৰাৰ লগতে পৰিয়াল তথা ৰাজ্যবাসীক চূড়ান্ত বিশ্বাসঘাটকতা কৰিছে'-তালুকদাৰে লগতে কয়। সোণোৱাল চৰকাৰে পৃষ্ঠপোষকতা কৰা 'কা' আইনৰ জৰিয়তে অসমক ভাগ ভাগ কৰিবলৈ বিচৰা বুলি অভিযোগ উত্থাপন কৰি জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই কয়-'এই ক'লা আইনখনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ৩০ জনগোষ্ঠীয় সংগঠন, কৰ্মচাৰী পৰিষদ আৰু শিল্পী সমাজে উদ্যোগ লোৱা 'কা' বিৰোধী আন্দোলনৰ প্ৰতি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ পূৰ্ণ সমৰ্থন আছে।' ইয়াৰ উপৰিও সভাপতি ডেকাই শ্বহীদক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰি ৰাজ্য চৰকাৰক কয়-'বহু হ'ল শ্বহীদক লৈ কৰা ৰাজনীতি আৰু নহ'ব।' ইফালে শ্বহীদক লৈ মাণিকচন্দ্ৰ দেৱ নাথে এটা ভুৱা সংগঠন খুলি থকা বুলি উল্লেখ কৰি তেওঁ কয়-'মাণিক চন্দ্ৰ দেৱ নাথ কোনো শ্বহীদৰ আত্মীয় নহয়।ভুৱা প্ৰমাণপত্ৰৰে শ্বহীদ পৰিয়ালত অন্তৰ্ভুক্ত হৈছিল। পিছত কথাটো জানিব পাৰি ২০১৭ চনত বহিস্কাৰ কৰা হৈছিল।' উল্লেখ্য যে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদ নামেৰে এটা সংগঠনৰ মুখ্য সম্পাদক মাণিক চন্দ্ৰ দেৱ নাথ।
- Log in to post comments
- 14 views