শতবর্ষ অতিক্ৰম কৰা অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই শুকুৰবাৰে প্ৰকাশ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ প্ৰথমটো প্ৰতিক্ৰিয়া।প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি কুলধৰ শইকীয়াই কয়- 'কা মই বিৰোধিতা কৰোঁ। আইনখনৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদ মই দেখিছোঁ।ইয়াৰ বাৰ্তা বিশাল আৰু স্পষ্ট।' উল্লেখ্য যে 'আকাশ,ছবি আৰু অন্যান্য' শীর্ষক গ্ৰন্থখনৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা শইকীয়া হৈছে অসম সাহিত্য সভাৰ ১০৩ সংখ্যক সভাপতি।
- Log in to post comments
- 23 views