দিল্লী অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা প্ৰাক্তন সভাপতি,সাংসদ ৰাহুল গান্ধীয়ে 'কা' আন্দোলনৰ ৫ গৰাকী ছহিদৰ পৰিয়ালক ২ লাখকৈ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। ৰাহুল গান্ধীক বিদায় জনোৱাৰ পিচতেই বিমান বন্দৰৰ পৰা পোনে পোনে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱট,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনকে ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই ছহিদ দীপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডৰ ঘৰলৈ গৈ ২ লাখকৈ টকা প্ৰদান কৰে।দেওবাৰে হৰিশ ৰাৱটৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই ওডালগুৰি আৰু ভৱানীপুৰলৈ গৈ আন দুজন ছহিদৰ পৰিয়ালক আৰু দুদিন পিছত ডিব্ৰুগড়লৈ গৈ আনজন ছহিদৰ পৰিয়ালক দুই লাখকৈ ধন আগবঢ়াব।
- Log in to post comments
- 24 views