সংগ্রামী পুত্ৰ শৃংখল চলিহালৈ আদালতত মাতৃৰ সাহস-'মনৰ দৃঢ়তা হেৰুৱাব নালাগে'

Pic

"সংগ্রাম চলাই লৈ আমি জয় আই অসম কৈ যাম।অসম নামৰ মা-জনীৰ লগত ন' কম্প্রমাইজ।দেশ-জাতি-মাজনী সকলোতকৈ ডাঙৰ,আনকি মোৰ জীৱনতকৈও ডাঙৰ।ৰাইজে যুদ্ধ নেৰিব"-ৰাইজলৈ এই আহ্বান বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ চিআইডিৰ হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান চিআইডিৰ জিম্মাত থকা সংগ্রামী নেতাগৰাকীক শনিবাৰে হাজিৰ কৰোৱা হয় কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বিশেষ আদালতত।আদালতত হাজিৰ কৰোৱাৰ সময়ত চলিহাই এই আহ্বান জনায় ৰাইজলৈ। আনহাতে,শৃংখলক আদালতত হাজিৰ কৰোৱাৰ সময়ত পুত্ৰক সাহস দিবলৈ শিৱসাগৰৰ পৰা আহি আদালত চৌহদত উপস্থিত থাকে মাতৃ।'কা' বিৰোধী আন্দোলনত শক্তিশালী কণ্ঠ হিচাপে থিয় হৈ চিআইডিৰ জিম্মাত বন্দিত্বৰ জীৱন পাৰ কৰিব লগা হোৱা ৩০ বছৰীয়া সন্তান শৃংখলক সাহস প্ৰদান কৰি মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়-'মনৰ দৃঢ়তা হেৰুৱাব নালাগে।দেশৰ বাবে সংগ্রাম কৰি এই অৱস্থা হৈছে।'লগতে তেওঁ কয়- 'আমাৰ পৰিয়ালটোৱে এটা সংগ্রামী পৰিয়াল।শৃংখলৰ দেউতাকো বিভিন্ন সময়ত জাতিৰ হকে সংগ্রামত নেতৃত্ব দিছিল।পিতৃৰ পথকে পুত্ৰই এতিয়া অনুসৰণ কৰিছে।' ইফালে শনিবাৰে আদালতে পুনৰ শৃংখল চলিহাক আৰু দুটা দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।পুনৰ শৃংখলক আদালতত হাজিৰ কৰোৱা হ'ব অহা ৩০ ডিচেম্বৰত।

Your Comments