উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰৰ মুছলিম সমাজে ক্ষতিপূৰণ দিলে 'কা' বিৰোধী হিংসাত্মক প্ৰতিবাদৰ ৰাজহুৱা সম্পত্তি ধ্বংসৰ

Pic

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰত যোৱা ২০ ডিচেম্বৰত সংশোধিত নাগৰিকত্ব আইন(কা)ৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।বহু মুছলমান লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।চহৰখনৰ আৰক্ষীয়ে ২৭ ডিচেম্বৰত শুকুৰবৰীয়া নামাজৰ পিছতো পুনৰ হিংসা হ'ব বুলি আশংকা কৰিছিল।কিন্তু শুকুৰবাৰে চহৰখনৰ মুছলিম সমাজে হিংসা বিৰোধী এটা আদৰ্শ স্থাপন কৰিলে।আৰক্ষীৰ আশংকাৰ বিপৰীতে চহৰখনৰ মুছলিম সমাজৰ গণ্যমান্য লোকসকল শুকুৰবৰীয়া নামাজৰ পিছত আৰক্ষীৰ ওচৰলৈ আহি আৰক্ষীসকলক শান্তিৰ বার্তাৰে একোটিকৈ গোলাপ ফুল উপহাৰ দিয়ে।আনহাতে,২০ ডিচেম্বৰত চহৰখনত 'কা' বিৰোধী প্ৰতিবাদত হোৱা হিংসাত্মক কাৰ্যত ৰাজহুৱা সম্পত্তিৰ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষতিপূৰণৰ বাবদ ৬ লাখতকৈ অধিক টকাৰ বেংক ড্ৰাফট্ মুছলিম সমাজৰ লোকসকলে ডেপুটি মেজিষ্ট্ৰেটৰ হাতত অৰ্পণ কৰে।বুলণ্ডচহৰৰ মুছলিম সমাজৰ লোকসকলে এনেদৰে এতিয়া 'কা' বিৰোধী হিংসাত্মক কাৰ্য সংঘটিত হোৱা দেশৰ অন্যান্য এলেকাৰ নাগৰিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিলে।

Your Comments