ৰাজধানী দিল্লীকে ধৰি সমগ্র উত্তৰ ভাৰতত প্ৰৱল শীত প্ৰৱাহ

Pic

ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত এতিয়া প্ৰৱল শীত প্ৰৱাহ।ৰাজধানী দিল্লীত শনিবাৰে পুৱা নূন্যতম তাপমাত্ৰা ১.৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ।উল্লেখযোগ্য যে ১৯৯৭ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে দিল্লীত ডিচেম্বৰ মাহত ইমান দীৰ্ঘদিনৰ বাবে শীত প্ৰৱাহ চলিছে।১৯৯৭ চনত একেৰাহে ১৭ দিন ডিচেম্বৰ মাহত দিল্লীত শীত প্ৰৱাহ চলিছিল।ইফালে,শীত প্ৰৱাহৰ সময়ত দিল্লীত উদ্বেগজনকভাৱে প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে।বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি আগন্তুক কেইটামান দিনতো দিল্লীত প্ৰৱল শীত প্ৰৱাহ অব্যাহত থাকিব।

Your Comments