ঘোচ দিয়া-লোৱাত ভাৰত শীৰ্ষত

money_india

বিশ্বৰ সৰ্বাধিক দুৰ্নীতিমুক্ত দেশ বুলি পৰিচিত হৈছে জাপান।ভাৰতৰ ৭৫ শতাংশ বিষয়া-কৰ্মচাৰীয়ে ঘোচ লয় আৰু জনসাধাৰণে ঘোচ দিবলগীয়া হয়। বাৰ্লিনৰ 'ইণ্টাৰনেচনেল এণ্টিগ্ৰাফট ৰাইট গ্ৰপ অৱ ট্ৰেণ্সপাৰেন্সী'' নামৰ প্ৰতিষ্ঠানৰ এক সমীক্ষা মতে ঘোচ লোৱা-দিয়াৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষত। সমীক্ষাটোৰ মতে উৎকোচ লোৱাৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত দ্বিতীয় স্থানত আছে ভিয়েটনাম।

ভিয়েটনামৰ ৬৫ শতাংশ লোকৰ মাজত এই ব্যৱস্থা চলে। পাকিস্তানৰ ৪০ শতাংশ লোকে আৰু চীনৰ ২৬ শতাংশ লোকে ঘোচ লয় বুলি সমীক্ষাত স্পষ্ট হৈছে।কোৰিয়াৰ ৩ শতাংশৰ মাজত উৎকোচ লোৱা বিষয়টো পোহৰলৈ আহিছে ।
 

Your Comments