বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে 'ঐক্য সেনা অসম'-এ।সেই অনুসৰি অহা ২৮ নৱেম্বৰত সংগঠনটোৱে ৰাজ্যৰ ১৬ খন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুত্তলিকা দাহ আৰু অৱস্থান ধৰ্মঘট কার্যসূচী ৰূপায়ণ কৰিব।এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি হাজৰিকাই আৰু কয় যে উক্ত দিনা প্ৰতিবাদৰ অন্তত প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিধেয়ক বিৰোধিতাৰে স্মাৰকপত্ৰ প্ৰদান কৰিব।উল্লেখ্য যে যোৱা বছৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ সময়ত ৭০ টা সংগঠনৰ সৈতে আছিল 'ঐক্য সেনা অসম'। সংবাদ মেলখনত সংগঠনটোৰ সভাপতি দেৱজিত শৰ্মাই 'কেব'ৰ বিৰুদ্ধে অসমৰ ৰাইজক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই কয়-'লুইতৰ পাৰৰ প্ৰতিজন অসমীয়াই কেবক বিৰোধিতা কৰিব।' লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে '৫১চনক ভিত্তিবর্ষ হিচাপে লৈ সমগ্ৰ দেশৰ লগত অসমতো পুনৰ এনআৰচি উন্নীতকৰণ কৰা হ'ব বুলি সংসদত কৰা ঘোষণাৰ বিৰোধিতা কৰে সংগঠনটোৱে।কাৰণ ইতিমধ্যে '৭১ চনক ভিত্তিবর্ষ হিচাপে লৈ এনআৰচি উন্নীতকৰণ কৰা হৈছে অসমত।তাৰ বাবে ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰা হৈছে।আকৌ নতুন এনআৰচি ৰূপায়ণ কৰি ৰাজকোষৰ ধন ব্যয় কৰাটো কেতিয়াও যুক্তিসংগত নহয়- বুলি সংগঠনটোৰ সভাপতি দেৱজিত শৰ্মাই কয়।
- Log in to post comments
- 5 views