কেৰালাৰ ভয়াবহ বান সমস্যাই সমগ্ৰ বিষয়টোক নতুনকৈ গুৰুত্ব দিবলৈ বাধ্য কৰাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী৷ বানত আক্ৰান্ত হোৱাসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধান মন্ত্ৰীগৰাকীয়ে এক বিশেষ বৈঠক আহ্বান কৰে৷ বৈঠকত প্ৰধান মন্ত্ৰীয়ে জি পি এছ নেটৱৰ্ক ব্যৱস্থা ব্যৱহাৰ কৰাত গুৰুত্ব দিয়ে৷
প্ৰতিখন ৰাজ্যত জি পি এছ ব্যৱস্থা প্ৰৱৰ্তন হ’ব লাগে বুলি মত প্ৰকাশ কৰে প্ৰধান মন্ত্ৰীয়ে৷ বৈঠকত বৈদেশিক সচিব, স্বাস্থ্য সচিব, টেলিকম সচিবৰ লগতে দুৰ্যোগ বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ প্ৰতিখন গাঁও আৰু চহৰ জি পি এছ ব্যৱস্থাৰ আওতালৈ আনিলে বন্যাক্ৰান্ত সকলক উদ্ধাৰ কৰাত সহায় হ’ব৷ কেৰালাৰ উদাহৰণ দি প্ৰধান মন্ত্ৰীয়ে কয়- ঘৰৰ মুধচলৈকে পানীৰ তলত থকাৰ পিছতো জি পি এছৰ জৰিয়তে মানুহৰ উদ্ধাৰ কৰাত সহজ হ’ল৷
প্ৰধান মন্ত্ৰীগৰাকীয়ে প্লাষ্টিক বৰ্জন কৰাৰ বাবেও আহ্বান জনায়৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী মনোজ সিংহই প্ৰধান মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি সকলো ৰাজ্যকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনাইছে৷ মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে প্লাষ্টিক সম্পূৰ্ণ বন্ধ কৰিছে৷ দিল্লীৰ ‘আপ’ চৰকাৰে এই ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে৷
কেন্দ্ৰীয় টেলিকম মন্ত্ৰীগৰাকীয়ে কয়, “কেৰালাত পানী ওলাই যাব পৰা নাই, কাৰণ নলাৰ মুখ বিলাক প্লাষ্টিকেৰে বন্ধ হৈ আছে৷ জি পি এছ ব্যৱস্থাৰ ক্ষেত্ৰত কেৰালাৰ বাওঁপন্থী চৰকাৰৰ অভিযোগ- গুগল ছেটেলাইটৰ দ্বাৰা জি পি এছ নিয়ন্ত্ৰণ কৰে মাৰ্কিন সেনাই৷ গতিকে এই ব্যৱস্থাটো দেশৰ নিজস্ব প্ৰযুক্তিৰ দ্বাৰা কৰা উচিত বুলি কেৰালা চৰকাৰে মত প্ৰকাশ কৰিছে৷ পশ্চিম বঙ্গকলৈ উদ্বিগ্ন প্ৰধান মন্ত্ৰী৷
প্ৰধান মন্ত্ৰী মোডীয়ে কয়, “পশ্চিম বঙ্গ এটা চৰিয়াৰ দৰে৷ অতি কম পৰিমাণৰ বৰষুণ হ’লেই পশ্চিম বঙ্গত বান সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰে৷” এই বিষয়টো গুৰুত্ব দিয়া উচিত বুলি ব্যক্ত কৰে প্ৰধান মন্ত্ৰীয়ে৷
- Log in to post comments
- 11 views