অভাবনীয় হাৰত টকাৰ মূল্য হ্ৰাসে সমাগত দিনৰ বাবে ভাৰতীয় অৰ্থনীতিলৈ ভয়ংকৰ সংকট কঢ়িয়াই আনিব৷ হঠাতেই যোৱা সপ্তাহত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অস্বাভাৱিক হাৰত হ্ৰাস পায়৷ প্ৰতি ডলাৰৰ বিপৰীতে মুদ্ৰাৰ বিনিময় হাৰ হয়গৈ ৭০.৭০ টকা৷ স্বাধীনতাৰ পিছত ৭১ বছৰৰ ভিতৰত ডলাৰৰ বিপৰীতে এয়াই হৈছে টকাৰ সৰ্বানিম্ন মূল্যহাৰ৷
চৰকাৰৰ হিচাপ মতেই স্বাধীনতাৰ পিছৰে পৰা ডলাৰৰ বিপৰীতে ২০০০ শতাংশ মূল্য হ্ৰাস হৈছে ভাৰতীয় টকাৰ৷ ভাৰতীয় টকাৰ হঠাতে এই ভয়াৱহ বিপৰ্যৰ তাৎক্ষণিক কাৰণ হিচাপে তুৰস্কৰ বিৰুদ্ধে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প চৰকাৰে যোৱা সপ্তাহত আৰোপ কৰা নিষধাজ্ঞাৰ কথা কোৱা হৈছে যদিও এয়া এক গৌণ কাৰণহে৷ লক্ষণীয়ভাৱে যোৱা বছৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৫.৯৬ শতাংশ বৃদ্ধি পাইছিল যদিও চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা ক্ৰমাগতভাৱে টকাৰ মূল্য হ্ৰাস হৈ গৈ আছে৷ যোৱা সপ্তাহত ট্ৰাম্প প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত একেৰাহে তিনি দিন ধৰি টকাৰ মূল্যৰ অস্বাভাৱিক হাৰত পতন ঘটে৷
এই সময়তে ভাৰতীয় মুদ্ৰাৰ অস্বাভাৱিক পতনৰ আঁৰত অৰ্থনীতিবিদসকলে কেইবাটাও কাৰণ উল্লেখ কৰিছে৷ ইয়াৰে প্ৰধান কাৰণটো হৈছে, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ ক্ৰমাগত মূল্য বৃদ্ধি, ইউৰোপকে ধৰি বিশ্বৰ অধিকাংশ দেশত ভয়ংকৰ অৰ্থনৈতিক মন্দা, এককভাৱে ডলাৰৰ মূল্যবৃদ্ধি আৰু ভাৰতীয় মূলধনী বজাৰৰ পৰা ক্ৰমাগতভাৱে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী সকলৰ বিনিয়োগ প্ৰত্যাহাৰ তথা বিদেশী পুঁজিৰ ব্যাপক হাৰত বহিৰ্গমন৷
ইকুইটি-৯৯ৰ জ্যেষ্ঠ অৰ্থনীতিবিদ ৰাহুল শৰ্মাই ওপৰৰ কাৰণবিকাল উল্লেখ কৰি কয় যে বৰ্তমানলৈকে কমেও ৪০,০০০ কোটি টকাৰ ইক্যুইটি বিক্ৰী কৰি ধন ঘূৰাই লৈ গৈছে৷ আনহাতে যিহেতু ভাৰতে মুঠ চাহিদাৰ ৭৫ শতাংশ খাৰুৱা তেল বিদেশৰ পৰা আমদানি কৰে, ফলত দেশৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰৰ পৰা ক্ৰমাগতভাৱে অধিক হাৰত বিদেশী মুদ্ৰা ওলাই গৈ আছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই পৰিস্থিতিক মোকাবিলা কৰাৰ কোনো পথ বিচাৰি পোৱা নাই৷
অৰ্থনীতিবিদসকলে টকাৰ অস্বাভাৱিক মূল্য হ্ৰাসৰ আঁৰত প্ৰধান পাঁচটা কাৰণ উল্লেখ কৰিছে৷ এই কাৰণসমূহ হ’ল, যোৱা এটা বছৰৰ ভিতৰত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ৪০ শতাংশ বৃদ্ধি৷ বৰ্তমান খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৭.৮৫ ডলাৰ ৷ দ্বিতীয় বৃহৎ কাৰণ হৈছে ইৰান খাৰুৱা তেলৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা৷ ট্ৰাম্প প্ৰশাসনৰ ভাবুকিৰ মুখামুখি হৈ বহু দেশে ইৰানৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাত আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অধিক বাঢ়ি যায়৷
লগতে তৃতীয় কাৰণ হৈছে তেল ক্ৰয়ৰ বাবে ডলাৰৰ চাহিদাও বাঢ়ি যোৱাত ডলাৰৰো মূল্য বাঢ়ি যায়৷ ফলত ভাৰত সহ বিভিন্ন দেশৰ বিদেশী মুদ্ৰাৰ সঞ্চয় ব্যাপক হাৰত হ্ৰাস পায়৷ এইটো হৈছে চতুৰ্থ কাৰণ, যাৰ ফলত ভাৰতৰ কাৰেণ্ট একাউণ্টত বিপুল ঘাটি হৈছেগৈ৷ অৰ্থাৎ ৰপ্তানিৰ জৰিয়তে অৰ্জিত আয়ৰ তুলনাত আমদানি ব্যয় অস্বাভাৱিক হাৰত বাঢ়িছে৷ চলিত বছৰৰ প্ৰথম ভাগত য’ত কাৰেণ্ট একাউণ্টৰ ঘাটিৰ পৰিমাণ আছিল দেশৰ জিডিপিৰ ০.৪ শতাংশ অৰ্থাৎ ২৬০ কোটি ডলাৰ, সেই ঘাটিৰ পৰিমাণ বৰ্তমান বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত বাঢ়ি হৈছেগৈ ১৩০০ কোটি ডলাৰ অৰ্থাৎ জিডিপি-ৰ ১.৯ শতাংশ৷
দেশৰ আমদানি ব্যয় বহন কৰিবলৈ গৈ দেশৰ ঘৰুৱা মুদ্ৰা টকাৰ মূল্য পুনৰ হ্ৰাস হৈ গৈ আছে৷ পঞ্চম কাৰণ হৈছে, ট্ৰাম্প প্ৰশাসনে বিনিয়োগকাৰীসকলৰ সুবিধাৰ লক্ষ্যেৰে সুদৰ হাৰ বৃদ্ধি কৰাত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী সকলে ভাৰত, চীন, ফিলিপাইন্স, দক্ষিণ কোৰিয়া আদি দেশৰ পৰা ব্যাপক হাৰত বিনিয়োগ প্ৰত্যাহাৰ কৰিছে৷ সংবাদ সংস্থাৰ এক বাতৰি মতে চলিত বছৰৰ বৰ্তমানলৈকে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতৰ পৰা কমেও ৭,০০০ কোটি মাৰ্কিন ডলাৰৰ ইক্যুইটি বিক্ৰী কৰি সেই ধন আমেৰিকাৰ মূলধনী বজাৰত বিক্ৰী কৰিছে৷ এই আটাইবোৰ কাৰণত ভাৰতীয় টকাৰৰ মূল্য বিপৰ্যয় ঘটিছে৷
- Log in to post comments
- 15 views