চীনে জয় কৰিলে দৰিদ্ৰতা ৷ চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ দাবী, দাৰিদ্ৰতাক তেওঁলোকৰ দেশৰপৰা বিদায় দিয়া হৈছে । যদিও তেওঁৰ মন্তব্যক লৈ সমালোচনাও যথেষ্ট হৈছে।
সম্প্রতি বেইজিঙত কমিউনিষ্ট পার্টিৰ এখন সম্মিলনত বক্তব্য ৰাখি এই দাবী কৰে চীনা ৰাষ্ট্ৰপতি জিন পঙে। তেওঁ জনাইছে, ইয়াৰ আগতে ইমান বিপুল জনসংখ্যাৰ কোনো দেশ ইমান কম সময়ত দৰিদ্ৰ মুক্ত হ’ব নোৱাৰে। এই কৃতিত্ব ইতিহাসৰ পৃষ্ঠাত খোদিত হ’ব বুলিও দাবী কৰে জিন পিঙে।
এই কথা ঠিক যে, দেশৰ মানুহৰ ৰোজগাৰ যোৱা আঠ বছৰত যথেষ্ট ওপৰলৈ তুলি নিব পাৰিছে জিনপিং প্রশাসনে। বিশ্ববেংকৰ তথ্য অনুসৰি চীনৰ দাবী মিছা নহয়। আজিৰপৰা বছৰদিয়েক আগত চীনৰ সাধাৰণ মানুহৰ জীৱনযাত্রাৰ মান যি আছিল, বৰ্তমান সেই অৱস্থা বহু গুণ উন্নত হৈছে। বিশ্ববেংকক ঋণ দিয়াৰ ক্ষমতাও অর্জন কৰিছে তেওঁলোকে।
কিন্তু একাংশৰ মত অনুসৰি, প্ৰকৃততে ৰাষ্ট্ৰপতিৰ মন্তব্যক প্রশ্নহীন ভাৱে তুলি ধৰা হৈছে। মাত্র কিছুদিন পূৰ্বে দেশত খাদ্যসঙ্কট দেখা দিছিল। তেতিয়া অতিৰিক্ত আবণ্টন কমোৱা হৈছিল। পৰিবৰ্তন অনা হৈছিল সেনাবাহিনীৰ খাদ্য তালিকাতো । সেই পৰিস্থিতিৰপৰা ইমান দ্রুত দাৰিদ্ৰমুক্তি মানি ল’বলৈ অসুবিধা হৈছে বহুতৰে। কিন্তু কোনো প্রশ্ন তোলা হোৱা নাই ৷
- Log in to post comments
- 11 views