যোৱা ১ ফেব্ৰুৱাৰীত সেনা অভ্যুত্থানৰ পিছৰ পৰাই প্রতিবাদত উত্তাল চ্যু কি-ৰ দেশ ম্যানমারীৰ। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চলা সেনা বিৰোধী বিক্ষোভত চলিল আৰক্ষীৰ গুলি, কন্দুৱা গেছ, লাঠিচার্জ, ব্যাপক গ্ৰেপ্তাৰী অভিযান। এই পর্যন্ত আৰক্ষীৰ গুলি আৰু সংঘর্ষত দেশজুৰি নিহত হৈছে ১৮ জন লোক। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে ।
দেশৰ সর্ববৃহৎ চহৰ ইয়াঙ্গন-সহ দেশৰ একাধিক স্থানত আৰক্ষীয়ে লাঠিচার্জ কৰাৰ লগতে কন্দুৱা গেছ এৰিছে। ইয়াৰ পিছতো জনতাক নিয়ন্ত্রণ কৰিব নোৱাৰি গুলি চালনা কৰে আৰক্ষীয়ে। আহত বহু লোকক আঁতৰাই নিয়া হৈছিল। তেওঁলোকৰ ভিতৰত বহুলোকৰ এতিয়া পর্যন্ত কোনো খবৰ নাই।
ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ বিভাগৰপৰা জনোৱা হৈছে, 'ম্যানমাৰৰ আৰক্ষী আৰু সেনাই শান্তিপূর্ণ প্রতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত ১৮ জন লোকৰ মত্যু হৈছে। আহত হৈছে কমপক্ষেও ৩০ জন লোকৰ।'
যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ক্ষমতা দখল কৰে সেই দেশৰ সেনাই। আটক কৰা হয় নির্বাচিত গণতান্ত্রিক নেত্রী চ্যু কি-ক । ইয়াৰোপৰি আটক কৰা হয় দেশৰ অধিকাংশ নেতাক। পাঁচ দশকৰ পিছত দেশলৈ গণতন্ত্র ঘুৰি অহাৰ যি পৰিৱেশ সৃষ্টি হৈছিল সেই সকলোবোৰ ধ্বংস কৰি পেলালে সেই দেশৰ সেনাই। ইয়াৰেই প্রতিবাদত ৰাজপথত নামিছে সাধাৰণ জনতা।
যোৱা সপ্তাহত মিলিটেৰী জুন্টা নেতা মিন আঙে সংবাদমাধ্যমত জনাইছিল, সেনাই আন্দোলনকাৰীসকলৰ বিৰুদ্ধে অতি কম বল প্রয়োগ কৰিছে। আনহাতে, সেনাই দিয়া তথ্যৰ বিপৰীতে প্ৰকৃত তথ্য বাহিৰলৈ আহিছে ৷ এই পর্যন্ত ম্যানমাৰত সেনা বিৰোধী বিক্ষোভত নিহত হৈছে ২১ জন লোক। ৰাজপথত নমা বিক্ষোভকাৰীসকলক দমন কৰাৰ বাহিৰেও দেশৰ চৰকাৰী প্রতিষ্ঠান, পৌৰসভা, বিচাৰব্যৱস্থাও দখল কৰা আৰম্ভ কৰিছে সেনাই। ফলত পৰিস্থিত অধিক বেয়াৰ ফালেই ঢাল খাইছে বুলি ভবা হৈছে আন্তর্জাতিক ভাৱে।
- Log in to post comments
- 14 views