ছিৰিয়াত বোমাবৰ্ষণ আমেৰিকাৰ, বাইডেনৰ নিৰ্দেশত হৈছিল আক্ৰমণ

attack on syria

আমেৰিকা কি ৰৈ গৈছে আমেৰিকাতেই? আমেৰিকাৰ ছিৰিয়া আক্ৰমণৰ পিছত বৈদেশিকনীতি বিশেষজ্ঞেসকলে তেনে ধৰণেৰেই ভাবিছে। 

মার্কিন বিমান বাহিনীয়ে বোমা বর্ষণ কৰিলে ছিৰিয়াত। ইৰান সমর্থিত উগ্ৰপন্থী সংগঠন সমূহৰ দ্বাৰা ব্যৱহৃত ইৰাকি সীমান্তৰ পাৰ্শ্বৱৰ্তী স্থানসমূহত এই আক্ৰমণ চলোৱা হৈছে। ১৭ জন উগ্ৰপন্থীয়ে এই আক্ৰমণত প্রাণ হেৰুৱাইছে বুলি অনুমান কৰা হৈছে।

Syria

এই আক্ৰমণ এনেকুৱা সময়ত চলোৱা হ’ল যেতিয়া আমেৰিকা আৰু ইৰান পৰমাণু চুক্তিক লৈ আলোচনাৰ বাবে বহাৰ প্রস্তুতি চলিছিল। এই আক্ৰমণৰ ফলত সকলোবোৰ সিমানতে সমাপ্ত হ’বনে নাই সেয়াহে জানিবলৈ বাকী আছে। যদিও ইৰানে আগতেই জনাই দিছিল, নিষেধাজ্ঞা তুলি নল’লে আলোচনাৰ কোনো অর্থই নাই।

কিয় আমেৰিকাই হঠাৎ এই আক্ৰমণ চলালে? প্ৰকৃততে সমস্যাৰ আৰম্ভ কৰিছিল ইৰানে। কিছুদিন পূৰ্বে বাগদাদত মার্কিন সেনাৰ চাঁৱনিক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলাইছিল ইৰান সমর্থিত উগ্ৰপন্থী সংগঠনে। ইৰানে জনাইছিল যে, মার্কিন ড্রোন আক্ৰমণত নিহত কাছেম ছুলেইমানিৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ তেওঁলোকে আমেৰিকাক উচিত শিক্ষা দিবলৈ বিচাৰিছে।

Biden

ইৰানৰ সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভিতৰি ভিতৰি সাজু হৈছিল আমেৰিকা। ঘটিলো সেয়াই। আক্ৰমণৰ পিছত আমেৰিকাৰ ফালৰপৰা এক বিবৃতি যোগে জনাই দিয়া হৈছে, ৰাষ্ট্ৰপতিয়ে নির্দেশ দিছিল এনে ধৰণেৰে আক্ৰমণ চলাবলৈ যাতে উগ্ৰপন্থী সংগঠন সমূহক শিক্ষা দিব পৰা যায়। সাধাৰণ মানুহৰ যাতে ক্ষয়ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ কৈছিল তেওঁ ।

Your Comments