অসমৰ সুসন্তান সৌম্যদীপ বৰাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে সোনৰ পদক

Soumyadip bora

মঙ্গলবাৰে গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনখন অনুষ্ঠিত হয় । ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰপৰা নেন’টেকন’লজি বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীত প্ৰথম স্থান অধিকাৰ কৰি সোনৰ পদক লাভ কৰা অসমৰ সুসন্তান সৌম্যদীপ বৰাক ৰাষ্ট্ৰপতি কোবিন্দে সোনৰ পদকটি অৰ্পন কৰে । উল্লেখ যোগ্য যে, সৌম্যদীপ বৰ্তমান গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰে গৱেষক ছাত্ৰ ৷

 সৌম্যদীপ বৰা নগাঁৱৰ বাসিন্দা । দীপক বৰা আৰু দিপালী বৰাৰ সুসন্তান সৌম্যদীপ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । 

Your Comments