বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে জন্মসূত্ৰে পোৱা এটা ভাষা থাকে, যি ভাষাৰে শিশুৱে কথা বুজিবলৈ, ক’বলৈ আৰম্ভ কৰে ৷ মাতৃভাষাৰ প্ৰতি সন্মান জনাই ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰলৈ প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস অৰ্থাৎ International Mother Language Day হিচাপে পালন কৰিবলৈ লোৱা হয় ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীৰপৰা ৷
ইউনেস্ক’ই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰছিল কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বাঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে স্বীকৃতি দিবলৈ কৰা আবেদনৰ অনুমোদন জনায় । ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্ক’ই এই দিৱসৰ কথা ঘোষণা কৰিছিল ৷ পিছত ২০০৯ চনৰ ১৬ মে’ তাৰিখে ৰাষ্ট্ৰসংঘই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে “বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা”ৰ বাবে অনুৰোধ জনোৱাৰ লগতে সাধাৰণ সভাই ২০০৮ চনক “আন্তৰ্জাতিক ভাষা বৰ্ষ” হিচাপে গ্ৰহণ কৰে।
২০১০ চনৰ ৰাষ্ট্ৰসংঘৰ ৬৫তম অধিবেশনত বাংলাদেশে উত্থাপন কৰা আন্তৰ্জাতিক মাতৃভাষা দিৱস প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীত পালন কৰাৰ প্ৰস্তাৱ সেই বছৰৰে মে’ মাহত ৰাষ্ট্ৰসংঘৰ তথ্যবিষয়ক সমিতিত সৰ্বসন্মতি ক্ৰমে গৃহীত হয়। তেতিয়াৰপৰাই সমগ্ৰ বিশ্বৰ চুকেকোণে প্ৰত্যেক বছৰৰে আজিৰ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় ৷
- Log in to post comments
- 48 views