দাবী অনুসৰি মাচুল দিব নোৱাৰাত দৰিদ্র অসহায় বৃদ্ধাৰ প্রেছক্রিপচনত লিখা ঔষধৰ নাম কাটি দিয়াৰ অভিযোগ উঠিছে চিকিৎসকৰ বিৰুদ্ধে। অমানৱীয় এই ঘটনাটো সংঘটিত হৈছে পূর্ব বর্ধমানৰ কালনায়ত। অভিযুক্ত চিকিৎসক জনৰ নাম জ্যোতির্ময় দাস। অভিযুক্ত চিকিৎসকজন কালনা মহকুমা হস্পিতালৰ প্রাক্তন চিকিৎসক।
জানিবলৈ পোৱা গৈছে, বহু কেইমাহ ধৰি মূৰ আৰু ডিঙিৰ বিষত ভুগিছিলে কালনাৰ নান্দাই গাঁৱৰ বৃদ্ধা মালতী দেবনাথ। বহু চিকিৎসা কৰোৱাৰ পিছতো সমস্যাৰপৰা মুক্তি পোৱা নাছিল। একমাত্র কৰ্মক্ষম পুত্ৰ কর্মসূত্রে মুম্বাইত থাকে। অসুস্থ মালতী দেৱী বোৱাৰী আৰু নাতিনীৰ সৈতে গাঁৱৰ ঘৰত থাকে । যোৱা ৪ ফেব্ৰুৱাৰীত স্থানীয় বাসিন্দাসকলৰ সাহায্যত কালনা মহকুমা হস্পিতালত প্রাক্তন চিকিৎসক জ্যোতির্ময় দাসৰ বৈদ্যপুৰ মোড়ৰ চেম্বাৰত চিকিৎসাৰ বাবে যায় মালতী দেৱী ।
সেইদিনা চিকিৎসকৰ মাচুল দিছিল মালতী দেৱীয়ে ৷ ইয়াৰ পিছত চিকিৎসকৰ নিৰ্দেশত মালতী দেৱীৰ বহুবোৰ পৰীক্ষা-নিৰীক্ষা কৰাই ১৩ ফেব্ৰুৱাৰীত ৰিপোর্ট দেখুৱাবলৈ পুনৰ জ্যোতির্ময় দাসৰ চেম্বাৰলৈ যায় বৃদ্ধা গৰাকীৰ এগৰাকী প্রতিবেশী। ৰিপোর্টত জানিবলৈ পোৱা গ’ল, মালতী দেৱী ব্রেইন ষ্ট্ৰ’ক আৰু স্পণ্ডেলাইটিছ ৰোগত আক্রান্ত। সেই মতে প্রেছক্রিপচনত বহু কেইটা ঔষধৰ নাম লিখিলে চিকিৎসক জ্যোতির্ময় দাসে। ইয়াৰ পিছত ফিজ দিব নোৱাৰাৰ বাবে প্ৰেছক্ৰিপচনৰ পৰা ঔষধৰ নাম কাটি দিলে চিকিৎসক জনে ৷
এই অমানৱীয় ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। দৰিদ্র, অসহায়, অসুস্থ বৃদ্ধাক এইদৰে চিকিৎসাৰপৰা বঞ্চিত কৰাৰ বাবে ক্ষুব্ধ হৈছে কালনাৰ জনসাধাৰণ। আনহাতে এই ঘটনাৰ পিছতেই পলাতক অৱস্থাত আছে চিকিৎসক জ্যোর্তিময় দাস ৷
- Log in to post comments
- 29 views