অক্সফ'ৰ্ড ইউনিভাৰ্চিটিৰ ছাত্র একতাসভাৰ সভাপতি পদত প্রথমবাৰৰ বাবে এগৰাকী ভাৰতীয় কন্যা

Rashmi Samant

অক্সফ'র্ড ইউনিভাৰ্চিটিৰ ছাত্র একতাসভাৰ সভাপতি পদত অধিষ্ঠিত হ’ল এগৰাকী ভাৰতীয় ছাত্রী। নাম ৰশ্মি সামন্ত । বৰ্তমান লিনাকৰ মহাবিদ্যালয়ৰ Energy Systems ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত। অক্সফৰ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নির্বাচিত হৈ নাৰী সবলীকৰণৰ যেন এক নতুন দিগন্ত মুকলি কৰিলে ৰশ্মিয়ে। এই প্রথম কোনো ভাৰতীয় ছাত্রী অক্সফৰ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি পদৰ বাবে নির্বাচিত হৈছে। কর্নাটকৰ মণিপাল ইনষ্টিটিউট অফ্‌ টেকন’লজিৰপৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ৰশ্মি।

Oxford campus

কাৰ্যভাৰ গ্ৰহণ কৰি বিভিন্ন বিষয় সন্দৰ্ভত চিন্তা-চৰ্চা আগবঢ়াইছে তেওঁ। ৰশ্মিয়ে বিশেষ ভাৱে গুৰুত্ব দিছে পাঠ্যক্ৰম আৰু বিশ্ববিদ্যালয় চৌহদৰপৰা ঔপনিবেশিকতাৰ ছাপ মুচি পেলোৱাৰ ক্ষেত্ৰত ৷ ঔপনিবেশিকতাৰ সমর্থক যিসকল ব্যক্তিৰ মূর্তি বিশ্ববিদ্যালয় চৌহদত আছে সেইসমূহ অপসাৰণ কৰাৰ কথা ভাবিছে তেওঁ। সমকামী আৰু ট্ৰেণ্সজেণ্ডাৰৰ সম্পর্কত থকা ভয় আতৰোৱাৰ চেষ্টা কৰিব বুলিও কথা দিছে ছাত্ৰীগৰাকীয়ে । পূৰ্বতে ব্রিটিছে উপনিবেশ শাসন চলোৱা এখন দেশৰ নাগৰিক হিচাপে আর্থ-সামাজিক আৰু জাতিগত ভাৱে মাৰজিনেলাইজড্‌ সকলৰ প্রতি বিশেষ চকু ৰাখিব বুলি প্ৰকাশ কৰে ৰশ্মিয়ে। ক’ভিডৰ সৈতে সক্রিয়তাৰে যুঁজাৰ কথাও তেওঁৰ নিৰ্বাচনী ইস্তাহাৰত লিখিছিল। ৰশ্মিয়ে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰি বিশ্বৰ কার্বন প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব বুলি কয় ।

ইস্তাহাৰ

পূৰ্বৰ এক ব্রিটিছ কল’নীৰ এগৰাকী BAME (black, Asian and minority ethnic) মহিলা হিচাপে ৰশ্মিয়ে তেনে ঠাইসমূহৰ নাগৰিকৰ সমস্যাসমূহক অৱশ্যেই অধিক গুৰুত্ব প্ৰদান কৰিছে ।

Your Comments