বিশ্বৰ সকলোতকৈ বৃহৎ ছাইবাৰ এটেক, ৩০০ কোটি Gmail-Hotmailৰ পাছৱৰ্ড লিক

Password leak

Gmail আৰু Hotmail-ৰ ৩০০ কোটি পাছৱৰ্ড লিক হৈছে। এই মুহূর্তত মন কৰা হৈছে সকলোতকৈ বৃহৎ ছাইবাৰ এটেক এইটো। ইমান বৃহৎ সংখ্যাৰ পাছৱৰ্ড লিক হোৱাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্ব জুৰি। ইয়াৰ আগতে ইমান বৃহৎ পাছৱৰ্ড লিকৰ ঘটনা কেতিয়াও সংঘটিত হোৱা নাছিল। 

Cyber crime

তথ্য অনুসৰি, উক্ত ঘটনাৰ প্ৰবঞ্চকৰ হাতত প্রায় ৩০০ কোটি মেইলৰ ব্যক্তিগত তথ্য পৰাৰ সম্ভাৱনা আছে। কাৰণ, সিহঁতৰ হাতত পৰিছে  এই বৃহৎ সংখ্যক পাছৱৰ্ড। 

এতিয়া চিন্তাৰ বিষয়টো হ’ল, প্রায় বহু ইউজাৰৰ জিমেইল বিভিন্ন ডিজিটেল মাধ্যমৰ সৈতে সংযুক্ত কৰি ৰাখে। বেংক একাউণ্টৰপৰা আৰম্ভ কৰি যাৱতীয় সকলো কাম জি-মেইল আইডিৰ সৈতে সিঙ্ক্র’নাইজ কৰা হয়। এই ক্ষেত্রত মন কৰা হৈছে, সেই সকলো গোপন তথ্য হাতলৈ নিব পাৰে প্ৰবঞ্চকৰ দলটোৱে। সেয়ে বিশেষজ্ঞসকলে অনতিপলমে সকলোকে পাছৱৰ্ড সলনি কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে ৷

Your Comments