ভিডিঅ’ মাধ্যমত হোৱা দ্বিপাক্ষিক শীর্ষ বৈঠকৰ পিছত কাবুল নদী অববাহিকাত চাহতুত বান্ধ নির্মাণ কৰিবলৈ চুক্তিবদ্ধ হ’ল ভাৰত আৰু আফগানিস্তান।
এই বান্ধ সম্পৰ্কত অৱশ্যে কথাবার্তা চলিছে ছবছৰ ধৰি। কিন্তু কোনো ইতিবাচক সিদ্ধান্ত ইয়াৰ আগতে লোৱা হোৱা নাছিল। অৱশেষত ঐতিহাসিক এই জলচুক্তি ঘোষিত হ’ল আৰু কাবুলৰ জনসাধাৰণক পানী দিবলৈ চুক্তিবদ্ধ হ’ল নতুন দিল্লী । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা এক ভিডিঅ’ বৈঠকত আফগান ৰাষ্ট্ৰপতি আছৰাফ ঘানিয়ে কয় যে, 'আমাক ৫ লাখ প্রতিষেধক ডোজ দিয়াৰ যি সিদ্ধান্ত আপোনালোকে লৈছে, কঠিন সময়ত তাতকৈ ভাল উপহাৰ আৰু একো হ’ব নোৱাৰে।'
প্রধানমন্ত্রী মোদীয়ে জনাই যে, 'ভাৰত আৰু আফগানিস্তান দুয়ো দেশেই হিংসামুক্ত পৰিৱেশ বিচাৰে। আফগানিস্তানত হিংসাৰ ঘটনা বৃদ্ধিয়ে আমাক চিন্তিত কৰি তুলিছে। আমি কাবুলৰ কাষত আছো।'
চাহতুত বান্ধক লৈ ইয়াৰ আগতেও মাত মাতিছিল ইছলামাবাদে । কিন্তু সেই কথাক গুৰুত্ব প্ৰদান কৰা নাই ভাৰতে। কাবুল নদী উপত্যকাত দিল্লীয়ে এই বান্ধ নির্মাণত উদ্যোগ ল’লে ইছলামাবাদে যে আপত্তি কৰিব, এই কথা জানে ভাৰতে। তথাপিও দক্ষিণ এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতিক বিবেচনা কৰি ভাৰতে এই সিদ্ধান্ত লোৱা বুলি মত প্ৰকাশ কৰিছে বিদেশ মন্ত্রালয়ে ।
- Log in to post comments
- 17 views