ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত সাধাৰণ নাগৰিকৰ সমান্তৰালকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৰাজ্যৰ হাইপ্ৰফাইল ৰাজনৈতিক নেতাসকলো। সেই অনুসৰি পুৱাই গোলাঘাটৰ ফেচুৱাল গাঁৱৰ ১২২ নং ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগে।পত্নী ডলী গগৈ, কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পুত্ৰ গৌৰৱ গগৈৰ সৈতে পুৱাই তিতাবৰত ভোটদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
ইফালে পত্নীসহ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে ভোট দিয়ে সাপেখাটি বিমলাপুৰত ।ইফালে,তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে পুৱাই শাৰী পাতি ভোট দিয়ে।একেদৰে কলিয়াবৰৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই তেতেলীয়া গাঁৱৰ ৪৪নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিয়ে। উক্ত কেন্দ্রটোতে অগপ মন্ত্ৰী কেশৱ মহন্তয়ো ভোট দিয়ে।
আনহাতে ব্যতিক্ৰমী ৰূপত চুৰিয়া-চেলেং আৰু গামোচা লৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।৬৯নম্বৰ কঠালগুৰি বাগিচা ষ্টাফ ক্লাব ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে তেওঁ ভোটাধিকাৰ।
- Log in to post comments
- 13 views