দৃশ্যশ্ৰব্য বাহন মুকলিৰে আগন্তক বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিলে বিজেপিয়ে। 'ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা' শীৰ্ষক দৃশ্যশ্ৰব্য বাহন বুধবাৰে খানাপাৰাত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস সহিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজাৰ লগতে বিজেপিৰ বহুকেইজন শীৰ্ষনেতা-কৰ্মী।
'ভিডিঅ ৰথ' মুকলি কৰি সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়-"সীমান্ত ছীল কৰাৰ লগতে ৫ লাখ ভূমিহীন পৰিয়ালক ভূমিপত্তা দিব চৰকাৰে। দলৰ কর্মীৰ সক্ৰিয়তাৰ লগতে চৰকাৰৰ সফলতাই অহা নিৰ্বাচনৰ মূলমন্ত্ৰ হ'ব বিজেপিৰ বাবে।"
- Read more about বিজেপিৰ ১০০প্লাছ সফল কৰাৰ বাবে ৰাজ্যত ১০০খন 'দৃশ্যশ্ৰব্য বাহন' মুকলি
- Log in to post comments
- 9 views