মহানগৰ সম্প্ৰসাৰণ বাতিলৰ দাবীৰে ৰাজপথ কঁপালে আমৰি কাৰ্বি জাতীয় সংগঠনে

amri

লোকসভা নিৰ্বাচনৰ ব্যাপক তৎপৰতা চলি থকা সময়তে এইবাৰ ন্যায় বিচাৰি ৰাজপথলৈ নামিল আমৰি কাৰ্বিৰ ছয় জাতীয় সংগঠন।আজি গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ ছয় জাতীয় সংগঠনে বিভিন্ন দাবীত উলিয়াই এটা প্ৰতিবাদী সমদল।

উল্লেখ্য যে তেওঁলোকৰ দাবী হৈছে সোণাপুৰত অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰ পৰা ডিমৰীয়ালৈকে ১০ কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিল কৰা।

ছয় সংগঠনে অসম চৰকাৰ হুচিয়াৰ, পাহাৰ খনন কৰাৰ অনুমতি বন্ধ কৰক, অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰক আদি শ্ল'গানেৰে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈকে সমগ্ৰ পথচোৱা উত্তাল কৰি তোলে।


উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰা সংগঠনৰ উপদেষ্টা ইন্দ্ৰেশ্বৰ টেৰণে কয় যে অসম চৰকাৰে আইন নামানি ডিমৰীয়া অঞ্চললৈকে মহানগৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে।যাৰ ফলত ট্ৰাইবেল বেল্টৰ অধীনৰ আমৰি কাৰ্বি সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব। ইয়াৰ উপৰিও উপদেষ্টাগৰাকীয়ে এই সমস্যাসমূহ সমাধানৰ দাবীৰে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত বহা বুলিও জানিবলৈ দিয়ে।উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কোনো বেল্ট-ব্লকৰ ক্ষতি নকৰে। কিন্তু তেওঁৰ কথা নৰজিল।চক্ৰ বিষয়াই নিজৰ মইমতালিৰে ট্ৰাইবেল বেল্ট- ব্লক ভাঙিবলৈ চেষ্টা কৰিছে। ফলত তাৰ বাসিন্দাসকল এতিয়া চিন্তাত পৰিছে।


তদুপৰি প্ৰতিবাদকাৰীসকলে মহানগৰ প্ৰশাসনক পাহাৰ খনন কৰাৰ অনুমতি প্ৰদান অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিমৰীয়া, বেলতলা আৰু ৰাণীৰ জনজাতীয় আবেষ্টনী অঞ্চলসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দাবী জনায়।

সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

Your Comments