সাংসদ আৰ পি শৰ্মাৰ বিস্ফোৰণ:২০২১ত মন্ত্ৰী হিমন্ত বিজেপিত নাথাকে

rp

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত পুনৰ সৰৱ হৈছে তেজপুৰৰ বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা আৰ পি শর্মা। মন্ত্ৰীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে ২০২১ চনত লবী ৰাজনীতিৰ অৱসান ঘটাই ৰাজ্যত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ব। তেতিয়া  বিজেপি দলে লাভ কৰিব ৭০-৮০খন আসন।

লগতে তেওঁ কয় যে ২০২১ চনত সৰ্বানন্দ সোণোৱাল বিজেপি দলত থাকিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকে।
আনহাতে সাংসদগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰি ড: হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ পৰা খেদা খোৱা নেতা বুলি উল্লেখ কৰে।তেওঁ কয় যে কংগ্ৰেছৰ পৰা খেদা খাই অহা নেতাক আমাৰ দলত থাকিবলৈ নিদিও।

আনহাতে বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তেজপুৰত জ্যোতি-বিষ্ণু-ফণীৰ পূণ্যভূমিত জ্ঞানী ব্যক্তিক ভোট দিয়ক বুলি মুকলিকৈ জনসাধাৰণক আহ্বান জনায় আৰ পি শৰ্মাই।লগতে তেজপুৰৰ সম্পৰ্কত অভিজ্ঞতা থকা ব্যক্তিক মুকলিকৈ ভোট দিবৰ বাবে আহ্বান জনাই সাংসদগৰাকীয়ে।

Your Comments