নিউজ ডেস্ক :
চলিত বর্ষত কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষৰ নামভৰ্তি বাবে জাৰি কৰিলে গুৰুত্বপূৰ্ণ জাননী। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰই জাৰি কৰা জাননী খনত প্ৰতীয়মান হৈছে যে আসনৰ সংখ্যা হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষত।ক'লা আৰু বাণিজ্যক দুয়োটা শাখাতে আসন হ্ৰাস পোৱাটো চুড়ান্ত কৰা হৈছে।
জাননীখনৰ মতে বিশ্ববিদ্যালয়খনত চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত চাৰিটা শাখা থাকিব।আৰু প্ৰতিটোতে ৮০ জনকৈ ছাত্ৰ-ছাত্ৰী থাকিব অৰ্থাৎ ৩২০জন।
ঠিক তেনেদৰে ক'লা শাখাৰ প্ৰতিটো শাখাতো ১২০জনকৈ ছাত্ৰী-ছাত্ৰীক নামভৰ্তি কৰোৱা হ'ব।
- Read more about উচ্চতৰ মাধ্যমিকৰ ক'লা-বিজ্ঞান শাখাত ২২০ আসন হ্ৰাসৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ
- Log in to post comments
- 48 views