গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ সন্মুখত শনিবাৰে কিয় অভূতপূৰ্ব দীঘলীয়া শাৰী?

Line

দেশৰ লগতে ৰাজ্যতো পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে নতুন 'যান-বাহন আইন-২০১৯'।নতুন আইনখন কাৰ্যকৰী হোৱাৰ পাছতে আইন ভংগকাৰীৰ লগতে বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকা বাহনৰ গৰাকীসকলে ভৰিব লগা হৈছে শাস্তিমূলক জৰিমনা।আইন ভংগকাৰীসকলে ৰাজপথতে যান-বাহন আৰক্ষীক ভৰিব লগা হৈছে এক হাজাৰৰ পৰা সৰ্বাধিক দহ হাজাৰ টকালৈ জৰিমনা।

আনহাতে,বহুসংখ্যক বাহনৰ গৰাকীয়ে ৰাজপথত জৰিমনা ভৰিব নোৱাৰাৰ অপৰাধত উক্ত বাহনৰ গৰাকীৰসকলক পোনপটীয়াভাৱে আদলতলৈ প্ৰেৰণ কৰা হৈছে।সেই অনুসৰি বাহনৰ গৰাকীসকলে আদালতত গৈ ভৰিব লাগে জৰিমনা।

Line

শনিবাৰে গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালতত  যান-বাহন আইন অমান্য  কৰা গৰাকীসকলক জৰিমনা বিহাৰ বাবে অনুষ্ঠিত কৰা হয় লোক আদালত।উক্ত লোক আদালতত দেখিবলৈ পোৱা যায় পূৰ্বতে নেদেখা পৰিৱেশ।কিয়নো জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সন্মুখত গৰাকীসকলে আইন অনুসৰি জৰিমনা দিয়াৰ বাবে পাতিব লগা হৈছে দীঘলীয়া শাৰী।পুৱাৰ পৰা আৰম্ভ হোৱা লোক আদলতলৈ আহি বহুজনে বিয়লিলৈকে দিব পৰা নাই জৰিমনা।কিয়নো প্ৰায় এক হাজাৰৰো অধিক বাহনৰ গৰাকীয়ে দিনৰ দিনটো লোক আদালতত প্ৰৱেশ কৰাৰ বাবে ভোকে-পিয়াহে থিয় হৈ থাকিব লগা হৈছে শাৰী।

উল্লেখ্য যে কোনোৱে যদি গাড়ী চলাওতে চিট বেল্ট নথকা বাবে জৰিমনা ভৰিছে, কোনোৱে আকৌ হেলমেট,গাড়ী চলোৱা অনুজ্ঞাপত্ৰ নথকাৰ বাবে লোক আদালতত গৈ ভৰিব লগা হৈছে জৰিমনা।

ইফালে পুৱাৰ পৰা জৰিমনা দিয়াৰ বাবে দীঘলীয়া শাৰীত থিয় হৈ দুপৰীয়ালৈকে আদালতৰ প্ৰৱেশ কৰিব নোৱাৰি একাংশ লোকে প্ৰকাশ কৰিছে-'নতুন আইনখন  ঠিকে হৈছে,কিন্তু জৰিমনা লোৱা ব্যৱস্থাটোৰ কিছু সংশোধন কৰিব লাগে।'ইয়াৰ উপৰিও কোনোৱে কয়- 'গাড়ী আৰু মটৰ চাইকেলৰ জৰিমনা বেলেগ বেলেগকৈ লোক আদলতত লোৱাৰ ব্যৱস্থা কৰিলে জনসাধাৰনৰ কষ্ট কিছু লাঘৱ হব'

Your Comments