নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰা বদলি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক

Pic

উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নির্দেশনা।সাতদিনৰ ভিতৰত বদলি কৰিব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক।হাজেলাৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ শৰদ অৰৱিন্দ ববডে আৰু ন্যায়াধীশ ৰহিনতন নৰিমনৰ বিচাৰপীঠে প্ৰদান কৰিছে এই নিৰ্দেশনা।

উল্লেখ যে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এতিয়া বদলি কৰা হৈছে মধ্যপ্ৰদেশলৈ।গুৰুত্বপূৰ্ণ কথা এই যে প্ৰতীক হাজেলাই সমন্বয়ক হিচাপে কাৰ্য-সম্পাদন কৰি ৩১আগষ্টত প্ৰকাশ কৰিছিল এনআৰচিৰ চূড়ান্ত তালিকা। তাৰ পিছতে প্ৰকাশিত এনআৰচিক লৈ সুখী হোৱা নাছিল অসমৰ দল-সংগঠন,তথা একাংশ নাগৰিক।তেওঁলোকৰ বক্তব্য আছিল যে প্ৰকাশিত এনআৰচিত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি অন্তৰ্ভুক্ত হৈছে বিদেশীৰ নাম।আনহে নালাগে এই সন্দৰ্ভত বহুতো সংগঠনে পোনপটীয়াভাৱে ইয়াৰ বাবে দায়ী কৰি বিভিন্ন মাধ্যমত হাজেলাক উদ্দেশ্য কৰি বিভিন্ন মন্তব্য প্ৰকাশ কৰিছিল। যাৰ ফলত হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি নামি অহা বুলি আশংকা কৰি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই নির্দেশনা প্ৰদান কৰিছে।

Your Comments