শিক্ষা সংসদৰ অধ্যক্ষ আৰু প্ৰাক্তন সচিবে খেয়ালখুচি মতে বহু জুনিয়ৰ কলেজক প্ৰদান কৰিছে অনুমতিপত্ৰ:অনিয়মৰ অভিযোগ আৰটিআই কৰ্মীৰ

Pic

'ছাত্ৰ-ছাত্ৰীৰ পৰা সংগৃহীত মাচুলেৰে পৰিচালিত হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই  আৰু কিছুদিনৰ পূৰ্বে সলনি হোৱা সংসদৰ প্ৰাক্তন সচিব কমল জ্যোতি গগৈয়ে অসম চৰকাৰৰ বিত্ত বিভাগৰ নির্দেশনাক অমান্য কৰি প্ৰায় ৪৬লাখ টকা ছাত্ৰ-ছাত্ৰীৰ পুঁজি ব্যয় কৰি ক্ৰয় কৰিছিল দুখন  বিলাসী ইনভা ক্ৰাইছটা গাড়ী।'এই বিস্ফোৰক মন্তব্য আৰটিআই কর্মী কীৰ্তিকমল বৰাৰ।বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত অসম মাধ্যমিক শিক্ষা সংসদত একাংশ শীর্ষ বিষয়াৰ নেতৃত্ব সংঘটিত হোৱা ব্যাপক অনিয়মৰ কথা আৰটিআই তথ্য অনুসৰি সংবাদমেল সম্বোধন কৰি তেওঁ ৰাজহুৱা কৰে।তেওঁ কয় অসম চৰকাৰৰ বিত্ত বিভাগে ২০১৮ চনৰ ১৯ জানুৱাৰীত এফ ই বি. ১১৪/২০১৫/৪৬ নং নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিবৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ বিষয়াই কিমান মূল্যৰ বাহন চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিব,সেই কথা প্ৰকাশ কৰিছিল।সেই অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব আৰু অধ্যক্ষ পৰ্যায়ৰ বিষয়াই ব্যৱহাৰ কৰিব পাৰিব সৰ্বোচ্চ ১৫লাখ টকীয়া চৰকাৰী বাহন।কিন্তু বিত্ত বিভাগৰ সেই নির্দেশনাক অমান্য কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই আৰু প্ৰাক্তন সচিব কমল জ্যোতি চৌধুৰীয়ে   ব্যৱহাৰ কৰিছে ২৩ লাখ টকীয়া বিলাসী ইনভা ক্ৰাইছটা।সেই অনুসৰি অধ্যক্ষই ব্যৱহাৰ কৰা গাড়ীখনৰ নম্বৰ হৈছে "এএছ০১ডিএইচ৫৭০০, এছ০১ডিএন৬৯২২"।উল্লেখ্য যে বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য প্ৰশাসনত সৰ্বোচ্চ দামী ২৫ লাখ টকীয়া গাড়ীখন ব্যৱহাৰ কৰিব পাৰে একমাত্ৰ মুখ্য সচিবে।তেনে স্থলত কি যুক্তিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে ২৩ লাখ টকীয়া বিলাসী বাহন ব্যৱহাৰ কৰিব পাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰিও সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাই আৰু প্ৰাক্তন সচিব কমল জ্যোতি চৌধুৰীয়ে নিজৰ খেয়ালখুচি মতে বহুসংখ্যক জুনিয়ৰ কলেজক প্ৰদান কৰিছে অনুমতি পত্ৰ। উল্লেখ্য যে আৰটিআই কর্মীগৰাকীয়ে লাভ কৰা তথ্য অনুসৰি অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা চলিত বর্ষৰ ২৭ জুলাইলৈকে মুঠ ৭৭খন জুনিয়ৰ কলেজ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰথম বর্ষৰ পাঠদান কৰা অনুমতি প্ৰদান কৰা হৈছিল।তাৰে এই পৰ্যন্ত তেওঁ ১৫ খন জুনিয়ৰ কলেজ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক কেনেদৰে অনুমতি প্ৰদান কৰা হৈছিল,তাৰ তথ্য লাভ কৰিছিল।সেই অনুসৰি ৭ খনক সংসদৰ বৰ্তমান অধ্যক্ষ আৰু ৭ খনক  সংসদৰ প্ৰাক্তন সচিবে নিজে পৰিদর্শন কৰি অনুমতি পত্ৰ প্ৰদান কৰিছিল। যিটো নেকি আৰটিআই কর্মী গৰাকীৰ মতে বৈধ নহয়।কাৰণ তেওঁ প্ৰকাশ কৰা অনুসৰি কোনো এখন জুনিয়ৰ কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুমতি প্ৰদান কৰা বাবে সংসদৰ দ্বাৰা নিয়োজিত সদস্যই অনুমতি প্ৰদান কৰিব লগা বিদ্যালয় বা জুনিয়ৰ কলেজখনত উপস্থিত হৈ পৰিদর্শন কৰিব লাগে।সেই পৰিদর্শনৰ তথ্য পিছত ব'র্ডৰ ৭ জনীয়া সভাত দাখিল কৰিব লাগে।তাৰ পিছতহে ব'র্ডে উক্ত জুনিয়ৰ কলেজ বা বিদ্যালয় খনক অনুমতি প্ৰদান কৰিব পাৰে।গুৰুত্বপূৰ্ণ কথা এই যে উক্ত ব'র্ডখনত অধ্যক্ষ আৰু সচিবো আছে।কিন্তু তেওঁৰ অভিযোগ অধ্যক্ষ আৰু সচিবে বৰ্ডক হেঁচা প্ৰয়োগ কৰি বিদ্যালয় বা জুনিয়ৰ কলেজক অনুমতি প্ৰদান কৰিবলৈ বাধ্য কৰায়।

একেদৰে গুৱাহাটীৰ  সোণাপুৰৰ বিবেকানন্দ জুনিয়ৰ কলেজ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে সংসদৰ অনুমতি অবিহনে পৰিচালিত হৈছিল।সেই সময়ত কলেজখনৰ অধ্যক্ষ হিচাপে আছিল বৰ্তমান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ জনসম্পৰ্কৰক্ষী বিষয়া লুইত পাঠক।লক্ষণীয় কথা এই যে পাঠকে সংসদত জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছতে অধ্যক্ষ দয়ানন্দ পাঠকে বিবেকানন্দ জুনিয়ৰ কলেজ নিজে পৰিদর্শন কৰি চলিত বর্ষৰ ১৮ জানুৱাৰীত অনুমতি প্ৰদান কৰে। তাৰ বিপৰীতে ক্ষেত্রী অঞ্চলৰ বহুকেইখন জুনিয়ৰ কলেজৰ বিৰুদ্ধে তদন্ত চলিব বুলি অধ্যক্ষই উল্লেখ কৰিছে।সেই সন্দৰ্ভত তেওঁ কয় অধ্যক্ষৰ যদি সাহস আছে ক্ষেত্ৰী বিবেকানন্দ জুনিয়ৰ কলেজতো তদন্ত কৰক।কাৰণ ২০১৫ৰ পৰা ২০১৮লৈকে উক্ত জুনিয়ৰ কলেজখনো অনুমতি অবিহনে পৰিচালিত হৈছিল।

আনহাতে সংসদত সংঘটিত হোৱা এনে কেতবোৰ অনিয়মৰ বাবে বিগত তিনিটা বছৰত অসম উচ্চতৰ মাধ্যমিকত হ্ৰাস পাইছে প্ৰায় ৩০ হাজাৰ  ছাত্ৰ-ছাত্ৰী।বৰাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত তিনি বছৰত পঞ্জীকৃত মুঠ ২.৬০ লাখ ছাত্ৰ ছাত্ৰী আজি হ্ৰাস পায় ২.৩৩ লাখ হৈছে।

সেইয়েহে সংবাদমেলৰ জৰিয়তে কীৰ্তিকমল বৰাই দাবী কৰে যে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংসদত সংঘটিত হোৱা অনিয়মসমূহৰ তদন্তৰ ঘোষণা কৰক।

Your Comments