নদীবান্ধৰ নিৰ্মাণৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৱৰোধ কাৰ্যসূচী ঘোষণা যুৱ ছাত্ৰ-পৰিষদৰ

পলাশ চাংমাই

অসমৰ ৰাইজ তথা দল-সংগঠনৰ প্ৰতিবাদক গুৰুত্বহীন কৰি এনএইচপিচিয়ে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ কাম।ইতিমধ্যে এই কথা মঙলবাৰে এনএইচপিচি কৰ্তৃপক্ষই ঘোষণা কৰাৰ লগে লগে এতিয়া জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন দল- সংগঠন।এনএইচপিচিৰ এই সিদ্ধান্তক একেমুখে বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্পষ্টকৈ ঘোষণা কৰিছে যে কোনো কাৰণতে বৃহস্পতিবাৰৰ পৰা নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ কাম।এই সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়-'নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ আমি বিৰোধিতা কৰিছোঁ।কাৰণ ২০১১ চনৰ পৰা বন্ধ হৈ থকা বৃহৎ নদীবান্ধৰ প্ৰজেক্টটো সন্দৰ্ভত ২০১৪ চনৰ ১৬ ডিচেম্বৰ তাৰিখে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনএইচপিচি কৰ্তৃপক্ষ আৰু আন্দোলনকাৰী সংগঠনসমূহৰ লগত এলানি আলোচনাত মিলিত হৈছিল।উক্ত বৈঠকতে গঠন কৰা হৈছিল সমগ্ৰ বিষয়টো সমাধান কৰাৰ বাবে এখন বিশেষজ্ঞ কমিটী।সেই আলোচনাত কোৱা হৈছিল বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন চূড়ান্ত কৰাৰ পিছতহে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ কাম কৰা হ'ব নে নহ'ব সেই কথা চূড়ান্ত কৰা হ'ব বুলি।কিন্তু বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আজি পৰ্যন্ত ৰাজহুৱা নহ'ল।আনহে নালাগে কমিটীৰ প্ৰতিবেদনত কি আছিল সেই বিষয়ে আলোচনাত উপস্থিত থকা দল-সংগঠনসমূহকো অৱগত কৰা নহল।'যাৰ বাবে এনএইচপিচিৰ সিদ্ধান্তক বিৰোধিতা কৰা বুলি উল্লেখ কৰে চাংমাইয়ে।

Dam

সাধাৰণ সম্পাদক চাংমাইয়ে লগতে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ পৰা অসম অর্থনৈতিকভাৱে লাভৱান হ'ব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৈ থকা প্ৰসংগত প্ৰশ্ন উত্থাপন কৰি কয়-'অসমৰ ৰাইজৰ কি লাভ হ'ব,সেই কথা স্পষ্ট নহয়।তাৰ বিপৰীতে ২ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব লগা নদীবান্ধটোৰ পৰা অসমে  বিনামূলীয়াকৈ লাভ কৰিব মাত্ৰ ২৫ মেগাৱাট বিদ্যুৎ।তাৰ বাবে নামনি অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি হ'ব পৰা কাৰ্য কেতিয়াও হ'বলৈ দিয়া নহব।'

Dam

এনএইচপিচিৰ এই সিদ্ধান্তক বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ উদ্যোগত লখিমপুৰ,ধেমাজিত বুধবাৰৰ পৰা আন্দোলন আৰম্ভ হোৱা বুলি উল্লেখ কৰে।চাংমাইয়ে আৰু কয় 'বৃহস্পতিবাৰৰ পৰা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি অনিৰ্দিষ্ট কাললৈ এনএইচপিচি কৰ্তৃপক্ষই সামগ্ৰী অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব। কোনো কাৰণতে অসমৰ জনসাধাৰণ- বিশেষকৈ লখিমপুৰ,ধেমাজি,মাজুলী তথা নামনি অসমৰ ৰাইজৰ ক্ষতি হ'ব পৰা কাৰ্যক মানি লোৱা নহ'ব।উত্তৰ অসমলৈ নদীবান্ধৰ সামগ্ৰী কঢ়িওৱা এখনো বাহন যাবলৈ দিয়া নহ'ব।'

একেদৰে চাংমাইয়ে প্ৰকাশ কৰে যে নদীবান্ধ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰনে দিয়া ৰায় মানি ল'ব নোৱাৰি।এই ৰায়ক লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সন্তুষ্ট নহয়।ন্যায়াধিকৰণৰ এই গোচৰৰ লগত জড়িত থকা লোকসকলৰ সৈতে ইতিমধ্যে আমাৰ যোগাযোগ হৈছে।তেওঁলোকে সমগ্ৰ বিষয়টোক উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ যি ব্যৱস্থা কৰিছে,তাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু সহযোগিতা আছে।

ইফালে,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঁপাই তুলিবলৈ হ'লে আকৌ প্ৰয়োজন হ'ব যৌথ আন্দোলনৰ।তাৰ সকলো অসমৰ সকলো দল-সংগঠনক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাই পলাশ চাংমাইয়ে।

Your Comments