মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'কেব' বিৰোধিতা কৰি সাহিত্যৰথীক সন্মান কৰক- তৰুণ গগৈ

Gogoi

অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধিশালী কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰি থৈ যোৱা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫সংখ্যক জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।মুখ্যমন্ত্ৰীৰ কাৰ্যকালত গগৈয়ে মহানগৰীৰ গুৱাহাটী ক্লাবৰ গোল চ'কত নিজে উন্মোচন কৰা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা প্ৰতিমূৰ্তিত মাল্যৰ্পন প্ৰদান কৰি সোমবাৰে জন্মদিনৰ শ্ৰদ্ধা জনায়। শ্ৰদ্ধাঞ্জলি জনাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সাহিত্যৰথীক স্মৰণ কৰি কয়-'অসমীয়া ভাষা আৰু জাতিক জীয়াই ৰখাৰ বাবে তেঁওৰ যি প্ৰচেষ্টা,সেই প্ৰচেষ্টাৰ বাবে আজি জাতি আৰু ভাষা জীয়াই আছে। অসমীয়া জাতিৰ ভাষা,কৃষ্টিৰ বিকাশত তেওঁৰ অৱদান অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব।'

ইয়াৰ উপৰিও গগৈয়ে তেওঁলোকৰ চৰকাৰৰ দিনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক সন্মান জনাই নৱ-প্ৰজন্মৰ আগত পৰিচয় কৰাই দিয়াৰ লগতে অসমবাসী ৰাইজক উৎসাহিত কৰি অনুপ্রেৰণা জনোৱাৰ বাবে গুৱাহাটী ক্লাবৰ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ হৈছিল বুলি উল্লেখ কৰে।

গগৈয়ে লগতে অসমবাসীক আহ্বান জনায় কয় "আমি প্ৰত্যকে সজাগ হৈ থাকিব লাগিব অন্যথা অসমৰ ভৱিষ্যত অন্ধকাৰ হ'ব। জাতি আজি যি অৱস্থাৰ সন্মুখীন হৈছে তাৰ পৰা আমাৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আদি বিপদাপন্ন হৈ অহা উপক্ৰম ঘটিছে। বিশেষকৈ বিজেপি চৰকাৰে আনিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ কলা-কৃষ্টি, ভাষা-সাহিত্য যে বিপদাপন্ন কৰি তুলিব তাৰ এক ইংগিত ইতিমধ্যে প্ৰদান কৰিছে।এই সন্দৰ্ভত তেওঁ আৰু কয় যে  অসমৰ নৱ-প্ৰজন্ম যদি আগবাঢ়ি নাহে আৰু জাগ্ৰত নহয় তেন্তে হয়তো এসময়ত অসমৰ ভাষা যিদৰে বিপদাপন্ন হৈছিল সেই অৱস্থালৈ পুনৰ ঘূৰি যোৱাৰ অৱকাশ থকা কথা উল্লেখ কৰে। 

ইফালে সোণোৱাল চৰকাৰক সমালোচনা কৰি গগৈয়ে কয়-'আজি আমাৰ বাবে দুৰ্ভাগ্য,অসমত যিখন চৰকাৰ গঠন হ'ল যি এদিন জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কৈছিল,সেই চৰকাৰখনে নিজৰ স্বাৰ্থ আৰু ক্ষমতাৰ কাৰণে এতিয়া জাতি- মাটি-ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। অসমৰ ৰাইজে তেওঁলোকক ভোট দিছিল বহুত আশাৰে, যি আমাৰ জাতি-মাটি-ভেটি ৰক্ষা কৰি যুৱক-যুৱতীসকলক সংস্থাপন দিব আৰু ৰাজ্যখনলৈ আমূল পৰিবৰ্তন আনিব,কিন্তু বাস্তৱত এতিয়া চৰকাৰক প্ৰতি সকলোৰে মোহভংগ হৈছে।'

আনহাতে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গগৈয়ে কয় যে  টোপনিৰ পৰা জাগিবৰ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।অন্যথা জাতি-মাটি-ভেটিত বিদেশীৰ আধিপত্য চলিব।ইয়াৰ উপৰিও গগৈয়ে তাপৰ্য পূৰ্ণ ভাৱে কয় যে 'বেজবৰুৱাক এদিন স্মৰণ কৰি মালা পিন্ধালে তেওঁক সন্মান কৰাটোক নুবুজায়। যদি তেওঁক ৰাজ্য চৰকাৰে প্ৰকৃততে সন্মান কৰিবলৈ বিচাৰিছে,তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক'।

আনহাতে পৰিতাপৰ কথা এই যে ২০১৫ চনতে মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত গুৱাহাটী ক্লাৱত গুল চ'কত নিৰ্মাণ কৰা লক্ষ্মীনাথ বেজবৰুৱা উদ্যোনৰ লগতে প্ৰতিমূৰ্তিৰো আজিও সৌন্দৰ্যবৰ্ধন নকৰাত ক্ষোভ প্ৰকাশ কৰে তৰুণ গগৈয়ে।তেওঁ কয়- চৰকাৰখনে দীনদয়ালৰ দৰে ব্যক্তিক গুৰুত্ব প্ৰদান কৰি অসমীয়া জাতি ধ্বংস কৰিবলৈ বিচাৰিছে।মোহন ভাগৱত, দীনদয়ালৰ দৰে ব্যক্তিক লৈ তেওঁলোকে আজি চিন্তা কৰিছে, কিন্তু যিসকল আচল, যি আমাৰ জাতিটোক ৰক্ষা কৰিছিল,তেওঁলোকক পাহৰি গৈছে।'উল্লেখ যে কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰা ৰসৰাজৰ উদ্যানখনত আজি নাই পোহৰৰ কোনো ব্যবস্থা।একেদৰে উদ্যোনখনৰ ভিতৰত সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মান কৰা কৃত্ৰিম জলপ্ৰপাত আজি পৰি ৰৈছে বিকল হৈ।'

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে।

Your Comments