সোমবাৰে বিবাহপাশত আৱদ্ধ হ'ব বিধায়ক চক্ৰধৰ গগৈ

Chakradhar Gogoi

শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে মহানৱমী অৰ্থাৎ সোমবাৰে সাংসাৰিক জীৱনৰ পাতনি মেলিব মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।দীর্ঘদিনীয়া প্রেমক চিৰযুগমীয়া কৰি সোমবাৰে পৰম্পৰাগতভাৱে হোমৰ জুইক সাক্ষী কৰি মৰাণ সমষ্টিৰে অন্তৰ্গত খোৱাঙৰ আজাগুৰি নিবাসীৰ প্ৰহেলিকা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব বিজেপি বিধায়কগৰাকী।ইতিমধ্যে বিয়াৰ বাবে দুয়োখন ঘৰতে দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।

ৰাইজৰ প্ৰৱল আহ্বান আৰু মাতৃ-পিতৃৰ ইচ্ছাৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজনৈতিক ব্যস্ততাৰ মাজতে সাংসাৰিক জীৱনৰ পাতনি মেলাৰ কথা ব্যক্ত কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।

ইফালে,কইনা প্ৰহেলিকা শৰ্মা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বর্ষৰ ছাত্ৰী।খোৱাং আজাগুৰিৰ কইনাৰ ঘৰত এতিয়া বিয়াৰ প্ৰস্তুতি চলিছে ৰাজকীয়ভাৱে।

Your Comments