মঙলবাৰে কটনৰ ছাত্ৰ একতা সভাৰ  নিৰ্বাচনৰ ভোটদান:ইতিহাস ৰচনা কৰিব পাৰিব নে ঋষিকন্যাই!

Pic

সোমবাৰে আনুষ্ঠানিকভাৱে অন্ত পৰিল ১১৯ বছৰীয়া ঐতিহাসিক কটন কলেজ, বৰ্তমান  বিশ্ববিদ্যালয়ৰ ১০১সংখ্যক ছাত্ৰ-একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। মঙলবাৰে অনুষ্ঠিত হ'ব কটনৰ ২০১৯-২০বর্ষৰ ছাত্ৰ একতা সভাৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ভোটদান।পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্ব আনুষ্ঠানিকভাৱে সামৰণি পৰিব বিয়লি ২ বজাত।এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ নিৰ্বাচন সমিতিয়ে।।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ মুঠ ৫৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মঙলবাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বেলট বাকচত ভাগ্যবন্দী কৰিব ১৫টা বিভাগৰ বাবে মুঠ ৩৭ গৰাকী প্ৰাৰ্থীৰ।

আনহাতে,শতবর্ষীয় কটনৰ ছাত্ৰ একতা সভাৰ ৰাজনীতিত ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা কৰিছে এগৰাকী ছাত্ৰীয়ে।বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী তথা শ্বহীদ কনকলতা বৰুৱা ছাত্ৰী নিবাসৰ ছাত্ৰী ঋষিকন্যা বাৎসৱে এই পদত প্ৰতিদ্বন্দিতা কৰিছে।

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ অহা ৩ অক্টোবৰত কৰা হ'ব ভোট গণনা ।

Your Comments