চূড়ান্ত এনআৰচিৰ ত্ৰুটি নিৰাময়ৰ উপায় বিচাৰি 'লোক জাগৰণ মঞ্চ'ৰ বৃহৎ অভিৱৰ্তনৰ আয়োজন

Lok Jagran Mansa

প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত ৰৈ যোৱা ত্ৰুটিসমূহ নিৰাময়ৰ উপায় বিচাৰি 'লোক জাগৰণ মঞ্চ'ৰ উদ্যোগত বৃহৎ অভিৱৰ্তনৰ আয়োজন কৰা হৈছে।অহা ২৯ ছেপ্টেম্বৰত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্ব, ছাত্ৰ সংগঠন,লেখক-বুদ্ধিজীৱীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিশেষ অভিৱৰ্তনখন।পুৱা ১০.৩০বজাৰ পৰা অনুষ্ঠিত হ'ব লগা অভিৱৰ্তনখনত ৰাজ্যৰ ৩০টাকৈ ছাত্ৰ সংগঠন, অসম সাহিত্য সভা, জনগোষ্ঠীয় সাহিত্য সভা, ১৭ গৰাকীকৈ সত্ৰাধিকাৰ,গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য  ন্যায়াধীশ পি ভি আগৰৱালা উপস্থিত থাকিব।এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে লোক জাগৰণ মঞ্চৰ আহ্বায়ক ধ্ৰুৱপ্ৰসাদ বৈশ্যই।বৈশ্যই সংবাদমেলখনত মত প্ৰকাশ কৰি কয়- '৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিক লৈ সমগ্ৰ অসমবাসীৰ দৰে আমিও গভীৰভাৱে আশা কৰিছিলোঁ জাতিয়ে সোণালী আখৰেৰে লিপিবদ্ধ কৰিব পৰা এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাভ কৰিব।কিন্তু দুৰ্ভাগ্যৰ কথা ৰাইজৰ সকলো আশা ভংগ কৰি প্ৰকাশ পালে চূড়ান্ত এনআৰচি।তাৎপৰ্যপূৰ্ণভাৱে যিসকল ব্যক্তিয়ে পূৰ্বতে এনআৰচিৰ পাইলট প্ৰজেক্টক বিৰোধিতা কৰিছিল সেই সকল ব্যক্তিয়ে এতিয়া চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছত আনন্দ কৰিছে।বন্ধখামৰ ৰাজনীতিৰ বাবে জাতিয়ে এখন শুদ্ধ এনআৰচি লাভ কৰাৰ পৰা বঞ্চিত হ'ল।'

উক্ত সংবাদমেলতে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে কয়- 'এনআৰচিৰ কাম আগবঢ়াই নিয়াৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ।কিন্তু প্ৰকাশিত এনআৰচিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ভূমিকাত ৰাইজৰ মাজত প্ৰশ্নবোধক ৰৈ গল।কাৰণ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেলক এনআৰচিৰ পৰা সম্পূৰ্ণ বাহিৰত ৰাখি এনআৰচিৰ উন্নীতকৰণ কৰাৰ বাবে কিছু আসোঁৱাহ ৰৈ গ'ল।'

একেদৰে সংবাদমেলখনত উপস্থিত থাকি মঞ্চৰ অন্য এগৰাকী আহ্বায়ক মঞ্জু বৰাই কয়-'সমাজৰ সকলো স্তৰৰ ব্যক্তি তথা জাতীয় সংগঠনসমূহৰ মতামত লৈ কেনেদৰে এনআৰচিৰখন শুদ্ধ কৰিব পাৰি,সেই সন্দৰ্ভত এটা  সিদ্ধান্তত উপনীত হৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ যোৱাৰ বাবে দিনজোৰা কাৰ্যসূচীৰে অভিৱৰ্তনখনৰ আয়োজন কৰা হৈছে'

Your Comments