কটনৰ ছাত্ৰ-ৰাজনীতিৰ নতুন ইতিহাস: প্ৰথমবাৰৰ বাবে ১৬টা বিভাগত ৩৮ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

Pic

সক্ৰিয় ৰাজনীতিৰ কঠীয়াতলী হিচাপেও অন্য এটা পৰিচয় থকা কটন কলেজ বৰ্তমান বিশ্ববিদ্যালয়। ১১৯বছৰীয়া কটনৰ ইতিহাসত এই পর্যন্ত শতকবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।সেই ধাৰা অক্ষুন্ন ৰাখি ঐতিহ্যমণ্ডিত উচ্চশিক্ষা প্ৰতিষ্ঠানখনত অহা ১অক্টোবৰত অনুষ্ঠিত হ'ব ২০১৯-২০বর্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। মঙলবাৰ আৰু বুধবাৰে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়পত্ৰ দাখিল কৰাৰ পিছত বুধবাৰে আবেলিলৈ নিৰ্বাচনী কমিটীয়ে প্ৰাৰ্থীসকলৰ মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰি প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ বৈধ তালিকা।সেই অনুসৰি ১০১ বছৰীয়া কটনৰ ছাত্ৰ-ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আটাইকেইটা বিভাগতে অৰ্থাৎ মুঠ ১৬টা বিভাগত হ'ব প্ৰতিদ্বন্দীতা। উল্লেখ্য যে আগন্তক নিৰ্বাচনত প্ৰতিদ্বন্দিতৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছিল আৰু আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়নপত্ৰ ইতিমধ্যে বৈধ বুলি জাননী জাৰি কৰিছে নিৰ্বাচন কমিটীয়ে। সেই অনুসৰি গুৰুত্বপূৰ্ণ বিভাগ হিচাপে পৰিচিত সাধাৰণ সম্পাদক, সহ-সাধাৰণ সম্পাদক, সভাপতি, উপ-সভাপতি, সাংস্কৃতিক সম্পাদক আৰু সমাজ সেৱা সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াব তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে। ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ বিভাগ কটনিয়ানৰ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতাৰ বাবে অৱৰ্তীন হ'ব দুগৰাকী প্ৰাৰ্থী।

Pic

গুৰুত্বপূৰ্ণ কথা এই যে কটনৰ ছাত্ৰ ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদকৰ পদত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে এগৰাকীৰ ছাত্ৰীয়ে। বিশ্ববিদ্যালয়খনৰ শ্বহীদ কনকলতা বৰুৱা ছাত্ৰীৰ নিবাসৰ ছাত্ৰী তথা অসমীয়া বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী ঋষিকন্যা বাৎসৱে।

Pic

ইফালে অহা ১অক্টোবৰত অনুষ্ঠিত হ'ব লগীয়া ছাত্ৰ-একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৩ অক্টোবৰত।

Your Comments