নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীৰ সংবাদমেল:নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িছে 'নৰ্থ ইষ্ট ইউনাইটেড এফচি'

ss

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড এফচি। মুখ্য  প্ৰশিক্ষকৰ দায়িত্বত আছে ক্ৰোৱেছিয়াৰ ১৯-২০ অনুৰ্ধ ৰাষ্ট্ৰীয় যুৱ দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নী। শুকুৰবাৰে গুৱাহাটী
প্ৰেছ ক্লাবত নৰ্থ ইষ্ট ইউনাইটেড দলটোৱে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।উক্ত সংবাদমেলখনত উপস্থিত আছিল নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নী, সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ, খালিড জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ খেলিব লগা অসমৰ ৰাকেশ প্ৰধান আৰু মিজোৰামৰ লালেংমাওৱে। 

উক্ত সংবাদ মেলখনতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীয়ে কয় আইএছএল ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড দলটো।ইতিমধ্যে, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা সপ্তাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে।যোৱা বর্ষৰ সাফল্যতকৈ এইবাৰ দলটোৱে অধিক সাফল্য লাভ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হ'ব বুলি প্ৰৱল আশাবাদী মুখ্য প্ৰশিক্ষক ৰবাৰ্ট।তেওঁ কয় যে যোৱা বর্ষত দলটোৱে ছেমি ফাইনেল পৰ্যন্ত আগবাঢ়ি গৈছিল,কিন্তু শেষ মুহূৰ্তত দলটোৰ আত্মবিশ্বাস কিছু হ্ৰাস হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল।সেই কথা লক্ষ্য ৰাখি এইবাৰ দলটোৱে অধিক আত্মবিশ্বাসেৰে যাতে শেষ পৰ্যন্ত যুঁজ দিব পাৰে,তাৰ বাবে সাজু কৰি তোলা বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে উৰুগুৱেৰ ২১ বছৰীয়া এটেকিং খেলুৱৈ মাৰ্টিন চেভেচ এইবাৰ নৰ্থ ইষ্ট দলৰ হৈ চুক্তিবদ্ধ হৈছে। 

আনহাতে,সংবাদমেলখনত উপস্থিত থাকি অসমৰ খেলুৱৈ ৰাকেশ প্ৰধানে কয়-'মুখ্য প্ৰশিক্ষক ৰবাৰ্টৰ পৰা ইউৰোপীয়ান মূলৰ খেলৰ কৌশলসমূহ গ্ৰহণ কৰি এইবাৰ আইএছএলত প্ৰয়োগ কৰি বিপক্ষক শলঠেকত পেলাবলৈ সক্ষম হ'ব বুলি প্ৰৱল আত্মবিশ্বাসী।একেদৰে যোৱা সপ্তাহৰ পৰা আগন্তক সংস্কৰণৰ বাবে দলটোৱে আৰম্ভ কৰা প্ৰশিক্ষণৰ পৰা তেওঁলোকে বহুতো নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হোৱা বুলি সংবাদ মেলত ব্যক্ত কৰে।


ইফালে,নৰ্থ ইষ্ট দলটোৱে ২১ ছেপ্টেম্বৰত প্ৰথম খেল আৰম্ভ কৰিব যদিও ঘৰৰ মাটিত ২৬ অক্টোবৰতহে 'দিল্লী ডাইনামোজ'ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

Your Comments