তেজ হাজৰিকাৰ ওচৰতে আছে সুধাকণ্ঠৰ 'ভাৰত ৰত্ন' পদক

bhupen

সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাৰ ওচৰতে আছে মৰণোত্তৰভাৱে ড:ভূপেন হাজৰিকাই লাভ কৰা দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন'।এই কথা সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি ৰাজহুৱা কৰিলে ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰি আমেৰিকালৈ উৰা মৰা পুত্ৰ তেজ হাজৰিকাই।যোৱা ৮ আগষ্টত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পিতৃৰ 'ভাৰত ৰত্ন' সন্মান গ্ৰহণ কৰি ৬ দিন গুৱাহাটীত থাকি পুত্ৰ তেজ হাজৰিকা পুনৰ উভতি যায় সাত সাগৰ-তেৰ নদীৰ সিপাৰৰ আমেৰিকালৈ।তাৰ পিছতে চৰ্চা আৰম্ভ হৈছিল- সুধাকন্ঠ ড:ভূপেন হাজৰিকাই লাভ কৰা ভাৰতৰত্ন সন্মান পুত্ৰই কত থৈ গ'ল?যোৱা দুদিন ধৰি বিষয়টোৱে ৰাজ্যৰ সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰাৰ সময়তে আমেৰিকাৰ পৰা পুত্ৰ তেজ হাজৰিকাই এক পত্ৰৰ জড়িয়তে স্পষ্ট কৰিছে সমগ্ৰ বিষয়টো। 

 

তেজ হাজৰিকাই জানিবলৈ দিয়া অনুসৰি তেওঁ ৬ দিন ধৰি অসমত আছিল।কিন্তু ৰাজ্য চৰকাৰে পিতৃয়ে লাভ কৰা ভাৰত ৰত্নৰ পদকটো সংৰক্ষণ কৰাৰ বাবে পুত্ৰ তেজ হাজৰিকাৰ সৈতে যোগাযোগ কৰা নাছিল।তাৰ বাবে তেওঁ পিতৃয়ে লাভ কৰা দেশৰ সৰ্বোচ্চ সন্মানৰ পদকটো নিজৰ লগত ৰাখিছে বুলি উল্লেখ কৰে।লগতে তেওঁ পত্ৰত এই কথাও উল্লেখ কৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা যদি পিতৃৰ ভাৰত ৰত্নৰ পদকটো সংৰক্ষণ কৰাৰ বাবে যদি আনুষ্ঠানিকভাৱে যোগাযোগ কৰে,তেন্তে তেওঁ সেই পদক সংৰক্ষণৰ বাবে অৰ্পণ কৰিব।

Your Comments