গুৱাহাটীৰ মহানগৰীৰ সক্ৰিয় সাংবাদিকসকলক লৈ গঠিত 'য়ুথ জাৰ্ণেৰ্লিষ্ট'ৰ উদ্যোগত বিগত অষ্টম বছৰৰ দৰে এইবাৰো ১৫ আগষ্টৰ দিনটোত আয়োজন কৰা হৈছে 'মুক্তমনে উপভোগ কৰক স্বাধীনতা' শীর্ষক বৰ্ণাঢ্য অনুষ্ঠানৰ।শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা জনপ্ৰিয় শিল্পীৰ দেশপ্ৰেমমূলক গীত-নৃত্যত মুখৰিত হৈ পৰিব মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কানন।য'ত এইবাৰ গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী দীক্ষু,গীতাঞ্জলি,ৰাকেশ ৰিয়ানকে আদি কৰি বহুকেইজন জনপ্ৰিয় শিল্পীয়ে।
আনহাতে,এই অনুষ্ঠানতে য়ুথ জাৰ্ণেলিষ্টে এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট লেখিকা তথা 'সাদিন' কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীক। ইয়াৰ উপৰিও অনুষ্ঠানত ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।নৱমবাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানত বহুকেইটা সাংস্কৃতিক গোষ্ঠীয়ে দেশভক্তিমূলক নৃত্য পৰিৱেশন কৰিব। অনুষ্ঠানত ৰাইজৰ উপস্থিতি আশা কৰিছে য়ুথ জাৰ্নেলিষ্টৰ সভাপতি অনিত প্ৰতিম বৰুৱাই।
- Log in to post comments
- 16 views