এনআৰচিৰ পুনৰীক্ষণৰ শুনানিৰ বিৰুদ্ধে চিপিআই(এম)ৰ ধৰ্ণা 

dharna

এনআৰচিৰ পুনৰীক্ষণৰ শুনানিৰ বিৰুদ্ধে মঙলবাৰে চিপিআই(এম)-এ ধৰ্ণা কাৰ্যসূচী পালন কৰে।ভঙাগড়স্থিত এনআৰচি কাৰ্যালয়ৰ সন্মুখত বাওঁ গণতান্ত্ৰিক মৰ্চা,অসমৰ ৰাজ্যিক সমিতিৰ সদস্যসকলে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী। 

মৰ্চাৰ বক্তব্য এয়ে যে এনআৰচিৰ পুনৰীক্ষণৰ শুনানিৰ নামত নামনি অসমৰ সংখ্যালঘু একাংশ দৰিদ্ৰ পৰিয়ালক অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে।উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি পুনৰীক্ষণৰ বাবে যোৱা দুদিনৰ পৰা এনআৰচি কৰ্তৃপক্ষই নামনি অসমৰ একাংশ দৰিদ্ৰ লোকক পুনৰীক্ষণৰ বাবে জাননী জাৰি কৰি অত্যাচাৰ কৰাৰ লগতে ১২ ঘণ্টাৰ ভিতৰতে পুনৰীক্ষণৰ বাবে শিৱসাগৰ,যোৰহাট, গোলাঘাট আদি জিলাসমূহলৈ যাবলৈ কোৱা হৈছে,যিটো নেকি সম্ভৱ নহয়। ফলত দৰিদ্ৰ পৰিয়ালবোৰে যথেষ্ট মূল্যত গাড়ী ভাড়া কৰি জাননী লাভ কৰাৰ পিছতে একে ৰাতিতে উজনি অসমলৈ যাব লগা হৈছে।গতিকে,মৰ্চাই দাবী কৰে যে এনআৰচি পুনৰীক্ষণ বন্ধ কৰিব লাগে।ইয়াৰ উপৰিও এনআৰচি শুনানিৰ নামত অমানুষিক অত্যাচাৰ বন্ধ কৰিব লাগে। 


এই সন্দৰ্ভত চিপিআই(এম)ৰ নেতা সুপ্ৰকাশ তালুকদাৰে কয় যে অসমত এতিয়া এনআৰচি পুনৰীক্ষণৰ কোনো প্ৰয়োজন নাই।কাৰণ ইতিমধ্যে তালিকাত যিসকলৰ নাম আছে,সেইসকলৰ কেইবাবাৰো শুনানি লোৱা হৈছে।নথি-পত্ৰ পৰীক্ষা কৰা হৈছে।সেইবাবে উচ্চতম ন্যায়ালয়ে কৈছিল- পুনৰক্ষীণৰ কোনো প্ৰয়োজন নাই।তাৰ পিছতো এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে গৈ ২৪ ঘণ্টাৰ ভিতৰত নামনি অসমৰ একাংশ লোকক সাক্ষ্য  দিবলৈ উজনি অসমলৈ যাবলৈ কোৱা হৈছে যিটো নেকি অগণতান্ত্ৰিক, স্বেচ্ছাচাৰী।লগতে তেওঁ কয় যে এই সকল লোকক অতি কম সময়ৰ ভিতৰতে উজনি অসমৰ জিলালৈ যাবলৈ কোৱাৰ বাবে দৰিদ্ৰ লোকসকল এতিয়া যাত্ৰা কৰাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাত ভুগিছে।এই সুবিধা গ্ৰহণ কৰি বাছে বৰ্ধিত ভাড়া লৈছে।ইয়াৰ উপৰিও যোৱা লোকসকলৰ থকা-খোৱাৰ কোনো ব্যৱস্থা নাই।সেয়েহে উচ্চতম ন্যায়ালয়ৰ দাবী মানি চলি এনআৰচিৰ পুনৰীক্ষণ বন্ধ হ'ব লাগে।


আনহাতে,ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে মৰ্চাৰ সদস্যসকলে।

Your Comments