কংগ্ৰেছৰ বাবে আন এটা মোক্ষম আঘাত।দলটোৰ প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই ত্যাগ কৰিলে কংগ্ৰেছ।সোমবাৰে পুৱাৰ ভাগত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ কৰিছিল কলিতাই। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিগত বৰ্ষত কলিতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৰাজ্যসভাত।ইফালে সাংসদগৰাকীয়ে পদত্যাগ কিয় কৰিলে,অসম প্ৰদেশ কংগ্ৰেছৰ শীর্ষ নেতৃত্ব অৱগত নহয়।
আনহাতে,এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সাংসদগৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে এসপ্তাহৰ পূৰ্বে অসমৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিছিল বিজেপিত।ইফালে সাংসদ দুগৰাকীয়ে কংগ্ৰেছ তথা ৰাজ্যসভাৰ পদ ত্যাগ কৰাৰ পাছত বিজেপিয়ে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশত আগবাঢ়িছে।
- Log in to post comments
- 84 views