শনিবাৰে পুৱতি নিশা ৩ বজাত গুৱাহাটী মহানগৰীত সংঘটিত হয় এটা লোমহৰ্ষক ঘটনা।নিশা মহানগৰীৰ
ছয়মাইলত ৭ জনীয়া যুৱকৰ দল এটাই গুণ্ডাগিৰী কৰি আক্ৰমণ কৰে দুজন যুৱকক। ৭ জনীয়া যুৱকৰ দলটোৱে চলন্ত গাড়ী ৰখাই চোকা অস্ত্ৰৰে ঘপিয়ালে অন্য দুজন যুৱকক।
প্ৰাপ্ত তথ্য অনুসৰি গাড়ীৰ পথ এৰি নিদিয়াক কেন্দ্ৰ কৰি সংঘটিত হয় এই লোমহৰ্ষক ঘটনা।গণেশগুৰিৰ দিশৰ পৰা শুকুৰবাৰে নিশা ছয়মাইল অভিমুখে গৈ আছিল ৩ খন গাড়ী।তাৰে প্ৰথম দুখন গাড়ীত আছিল ৭ জনীয়া যুৱকৰ দলটো।দুজন যুৱক গৈ থকা তিনি নম্বৰ গাড়ীখনক প্ৰথম দুখন গাড়ীয়ে অৰ্থাৎ ৭জনীয়া যুৱকৰ দলটোৰ গাড়ীয়ে পথ এৰি দিয়া নাছিল।ফলত পিছৰ গাড়ীখনে আগৰ গাড়ী দুখনক পথ বিচাৰি হৰ্ণ বজায়।হৰ্ণ বজোৱাৰ বাবেই ৭ জনীয়া যুৱকৰ দলটোৱে গাড়ী ৰখাই আক্ৰমণ কৰে শেষৰ গাড়ীখনৰ দুই যুৱকক।
যুৱক দুগৰাকী অহা ইন'ভা গাড়ীখন ৰখাই ৭ জনীয়া যুৱকৰ দলটোৱে চোকা অস্ত্ৰৰে যুৱক দুজনক বেয়াকৈ আক্ৰমণ কৰে ফলত দুয়োগৰাকী যুৱকক ভৰ্তি কৰিব লগা হৈছে চিকিৎসালয়ত।
পিছত ঘটনা একাংশ লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে দিশপুৰ আৰক্ষীক। দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাস্থলীৰ পৰা আটক কৰে আক্ৰমণকাৰী ৭ যুৱকৰ দলটোৰ ৫ জনক। আন দুজন আক্ৰমণকাৰী ঘটনা সংঘটিত কৰি পলায়ন কৰে।
ইফালে,আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি আক্ৰমণকাৰী ৭ জন যুৱকৰ আটকাধীন পাঁচজন যুৱকৰ পৰিচয় ইতিমধ্যে লাভ কৰিছে।সেই অনুসৰি আটাকাধীন পাঁচ যুৱক ক্ৰমে ঋষিৰাজ চেতিয়া, দীপক সিং, অভিশেষ নায়ক,ৰাহুল ডিক'জ আৰু বিছান মুখাৰ্জী।ইয়াৰে বিছান মুখাৰ্জীৰ ঘৰ কলকতাত। ইয়াৰ উপৰিও যুৱকেজন অৰাভেল ট্ৰেভেলছ প্ৰাইভেট লিমিটেড কোম্পানীত কৰ্মৰত।
আনহাতে,আহত দুই যুৱক হৈছে ক্ৰমে কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম।দিছ্পুৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে আক্ৰমণকাৰী যুৱকৰ দলটোৱে ব্যৱহাৰ কৰা দুয়োখন বাহন।লগতে ঘটনা সংঘটিত কৰি পলায়ণ কৰা দুই যুৱকক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। একেদৰে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰাৰ বাবে আটাকাধীন পাঁচ যুৱকক দিছপুৰ আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।
- Log in to post comments
- 30 views