ৰাজ্যত বান বিভীষিকাৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক লৈ এইবাৰৰ গ্ৰীষ্মকালীন অধিৱেশন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বান গড়াখহনীয়া বিষয় লৈ চৰকাৰক অধিৱেশনত জবাবদিহী কৰিবলৈ সাজু বিৰোধী শিবিৰ কংগ্ৰেছ আৰু এআইইউডিএফ।ৰাজ্যৰ সাম্প্ৰতিক বান আৰু গড়াখহনীয়াৰ সমস্যাৰ সৈতে মোকাবিলা কৰাত ৰাজ্যৰ সোণোৱাল চৰকাৰখন বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিব বিৰোধীয়ে।
কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা সাম্প্ৰতিক বান পৰিস্থিতিক লৈ অধিক আলোচনাৰ দাবী জনাব।চৰকাৰে যেনেদৰে বান সাহায্য দিব লাগে বা বানপানী প্ৰতিৰোধৰ বাবে যিসমূহ পদক্ষেপ গ্ৰহণৰ বিগত সময়ত জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল,সেইসমূহ বাস্তবায়িত তেওঁলোক বিফল হৈছে।তাৰ ফলত অসমৰ জনসাধাৰণ ক্ষতিগ্রস্ত হৈছে। বহুকেইজন লোকে ইতিমধ্যে বানপানীৰ বাবে মৃত্যুমুখত পৰিব লগা হৈছে।এই সকলোবোৰ দিশ সামৰি কংগ্ৰেছ দলে গ্ৰীষ্মকালীন অধিৱেশনত আলোচনা কৰাৰ পোষকতা কৰিছে।
ইয়াৰ উপৰিও শইকীয়াই কয় যে সোণোৱাল চৰকাৰে বিগত সময়চোৱাত ৰাজ্যৰ বাট-পথৰ সমস্যা সমাধানৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিল,সেইসমূহ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত আজি তেওঁলোক ব্যৰ্থ হৈছে।একেদৰে ৰাজ্যখনত জাপানী এনকেফেলাইটিছে বৰ্তমান সময়ত যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে,তাৰ প্ৰতিৰোধটো চৰকাৰখন ব্যৰ্থ হৈছে।এইবিলাক বিষয়তো অধিৱেশনখনত চৰকাৰৰ মনোযোগ আকর্ষণ কৰাৰ বাবে কংগ্ৰেছ দলে চেষ্টা কৰিব বুলি জানিবলৈ দিছে শইকীয়াই।
আনহাতে,অধিৱেশনখনৰ বাবে বিৰোধী এআইইউডিএফ দলেও কঁকালত টঙালি বান্ধিছে।তেওঁলোকেও ৰাজ্যৰ সাম্প্ৰতিক বান আৰু গড়াখহনীয়াক লৈ চৰকাৰক জবাবদিহী কৰিবলৈ কৌশল ৰচনা কৰিছে।লগতে,অসমৰ বান আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বিধানসভাৰ পৰা সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণৰ দাবী উত্থাপন কৰিব।দলটোৱে অসম বিধানসভালৈ বিষয়টো সন্দৰ্ভত ইতিমধ্যে জাননী প্ৰেৰণ কৰা বুলিও জানিবলৈ দিছে।
ইয়াৰ উপৰিও বান সাহায্যৰ দিশত চৰকাৰৰ পুঁজি সন্দৰ্ভতো বিধানসভা উত্তাল হব বুলি জানিবলৈ দিছে দলটোৰ নেতৃত্বই।তেওঁলোকে কয় যে ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে বক্তব্য প্ৰকাশ কৰে যে বান সাহায্যৰ বাবে কেন্দ্ৰৰ পৰা পুঁজি সংগ্ৰহ কৰিব নালাগে, ৰাজ্য চৰকাৰৰ ওচৰত পুঁজি আছে।কিন্তু আকৌ একেখন চৰকাৰে বানাক্ৰান্তক সহায় কৰাৰ বাবে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰিছে।এই সন্দৰ্ভতো বিধানসভাত আলোচনা কৰা হব বুলি উল্লেখ কৰে।
ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে এছডিআৰএফৰ নিয়ম অনুসৰি বানাক্ৰান্তসকলে যি হাৰত সাহায্য পাব লাগে,সেই হাৰত কেতিয়াও নাপায়।প্ৰতিবছৰে বানাক্ৰান্ত বা বানপানীত মৃত্যু হোৱাৰ লোকৰ তালিকা ঠিকেই প্ৰস্তুত কৰা হয়,কিন্তু সেই সাহায্য টকাসমূহ তাৰ আগতে কৰবাত হৰলুকি হয়- এই মন্তব্য এআইইউদিএফৰ।এই বিষয়তো এইবাৰ বিধানসভাত আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে।প্ৰকৃত হিতাধিকাৰীৰ হাতত টকাতো যাতে পায়গৈ, তাৰ বাবে দাবী উত্থাপন কৰা হ'ব বুলি এআইডিএফ-এ জানিবলৈ দিয়ে।
- Log in to post comments
- 23 views