'গুৱাহাটী পৌৰ নিগমত বৰ্তমান সময়ত নাই পৰ্যাপ্ত চাফাই কর্মী।গুৱাহাটী পৌৰ নিগমৰ অধীনত মুঠ চাফাই কৰ্মীৰ পদ আছে চাৰি হাজাৰটা।কিন্তু,বৰ্তমান সময়ত আছে মাত্ৰ ১৮শ চাফাই কৰ্মচাৰী।ফলত,দেশৰ স্বচ্ছ চহৰৰ তালিকাত ক্ৰমাৎ অৱনমিত হৈছে গুৱাহাটী মহানগৰ। বৰ্তমান সময়ত দেশৰ স্বচ্ছ চহৰৰ তালিকাত গুৱাহাটী মহানগৰীৰ স্থান ৩০৩।'এই কথা মঙলবাৰে জানিবলৈ দিছে গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত দ্বিজেন সিঙে।
গুৱাহাটী ক্ৰমাৎ দেশৰ স্বচ্ছ চহৰৰ তালিকাত অৱনমিত হোৱাত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু গুৱাহাটী উন্নয়নৰ দায়িত্ব থকা মন্ত্ৰীয়ে পৌৰ নিগমৰ বিষয়াসকলৰ লগত মিলিত হৈ গুৱাহাটী মহানগৰীক পৰিস্কাৰ কৰি ৰখাৰ বাবে ইতিমধ্যে গঠন কৰিছে ফ্লায়িং স্কোৱাড।যেতিয়ালৈকে গুৱাহাটীৰ মহানগৰীত খালি হৈ থকাৰ চাফাই কৰ্মীৰ পদসমূহ নতুনকৈ পূৰণ নকৰিব,তেতিয়ালৈকে গুৱাহাটী মহানগৰীৰ পৰিষ্কাৰ কৰি ৰখাৰ সম্পৰ্কত এই ফ্লায়িং স্কোৱাডে কাম কৰিব।সেই স্কোৱাডৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ ঐতিহাসিক উজান বজাৰত স্বচ্ছতা অভিযান আৰম্ভ কৰে।উজান বজাৰৰ পৌৰ নিগমৰ কাৰ্যালয়ৰ তলতে থকা বজাৰখনত স্বচ্ছতা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত দ্বিজেন সিঙে।উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি দ্বিজেন সিঙে কয়-'গুৱাহাটী মহানগৰী দেশৰ স্বচ্ছ মহানগৰৰ তালিকাত পূৰ্বতকৈ যে অৱনমিত হৈছে,সেই কথাটো এতিয়া আমি লুকুৱাই থোৱা কথা নহয়।এতিয়া আমি মহানগৰীৰ প্ৰতিগৰাকী বাসিন্দাই মহানগৰীক দেশৰ স্বচ্ছ চহৰৰ তালিকাত প্ৰথম দহটা স্থানলৈ অনাৰ বাবে প্ৰয়াস কৰিব লাগে।'ইয়াৰ উপৰিও উজান বজাৰৰ চাফাই অভিযানত দ্বিজেন সিঙে হাতত কোৰ লৈ চাফাই কৰ্মীসকলৰ সৈতে চাফাই অভিযানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।
'স্বচ্ছতাৰ দিশত গুৱাহাটী মহানগৰীক আগবঢ়াই নিবলৈ হ'লে বৰ্তমানৰ ৰেংকৰ সৈতে আমি মুখামুখী হব লাগিব।আমি এই কথাষাৰ লুকুৱাই ৰাখিলে আমাৰ ভুল হ'ব। সেইবাবে আমি সকলোৱে বাস্তৱৰ মুখামুখী হৈ গুৱাহাটীক পৰিস্কাৰ কৰাৰ বাবে চিন্তা কৰিব লাগিব'-অতিৰিক্ত আয়ুক্ত দ্বিজেন সিঙে কয়।
ইয়াৰ উপৰিও তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কয়- 'গুৱাহাটী মহানগৰীক এইবাৰ কিবা এটা নতুন ৰূপ দিয়াৰ বাবে চিন্তা কৰিছোঁ।মোক মাত্ৰ দুটা মাহৰ সময় দিয়ক, স্বচ্ছতাৰ দিশত গুৱাহাটী মহানগৰীলৈ পৰিৱৰ্তন আহিব।'
- Log in to post comments
- 47 views